Text copied!
Bibles in Assamese

যোহন 4:45-54 in Assamese

Help us?

যোহন 4:45-54 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

45 তেওঁ যেতিয়া গালীল প্ৰদেশলৈ আহিল, তেতিয়া গালীলীয়া লোক সকলে তেওঁক সাদৰেৰে গ্ৰহণ কৰিলে; কাৰণ তেওঁলোকো সেই নিস্তাৰ পৰ্বৰ সময়ত যিৰূচালেমলৈ গৈছিল আৰু তাতে নিস্তাৰ পৰ্বৰ সময়ত তেওঁ যি যি কৰিছিল, সেই সকলো তেওঁলোকে দেখিছিল।
46 পাছত তেওঁ গালীল প্ৰদেশৰ কান্না নগৰলৈ পুনৰ আহিল। ইয়াতে তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিণত কৰিছিল। তেতিয়া কফৰনাহূম নগৰত কোনো এজন ৰাজ-কর্মচাৰীৰ পুত্র অসুস্থ হৈ আছিল।
47 তেওঁ যেতিয়া শুনিলে যে যীচু যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ ঘূৰি আহিছে, তেতিয়া তেওঁ যীচুৰ ওচৰলৈ গৈ অনুৰোধ কৰি ক’লে, যীচুৱে যেন আহি তেওঁৰ ল’ৰাক সুস্থ কৰি দিয়ে; কিয়নো তেওঁৰ ল’ৰা জন তেতিয়া মৰোঁ মৰোঁ অৱস্থাত আছিল।
48 যীচুৱে তেতিয়া তেওঁক ক’লে, “আপোনালোকে কোনো অদ্ভুত চিন আৰু আচৰিত কার্য নেদেখিলে, মোৰ ওপৰত বিশ্বাস নকৰিব।”
49 সেই ৰাজকর্মচাৰী জনে তেওঁক ক’লে, “মহাশয়, দয়া কৰি মোৰ ল’ৰাটিৰ মৃত্যু নহওতেই আহক!”
50 যীচুৱে তেওঁক ক’লে, “ঘৰলৈ যাওক, আপোনাৰ ল’ৰা জনে জীৱন পালে।” মানুহ জনে যীচুৱে কোৱা কথাত বিশ্বাস কৰিলে আৰু ঘৰলৈ গুছি গ’ল।
51 তেওঁ যেতিয়া ঘৰলৈ উলটি গৈ আছিল, তেতিয়া বাটত তেওঁৰ দাসবোৰে লগ পাই ক’লে, “আপোনাৰ ল’ৰা জন জীয়াই উঠিল।”
52 তেতিয়া তেওঁ সিহঁতক সুধিলে, “সি কেতিয়াৰ পৰা ভাল হ’বলৈ ধৰিলে?” সিহঁতে তেওঁক ক’লে, “কালি দুপৰীয়া সময়ত তাৰ জ্বৰ এৰিলে।”
53 ল’ৰাটোৰ বাপেকে বুজিব পাৰিলে যে ঠিক সেই সময়তে যীচুৱে তেওঁক কৈছিল, “আপোনাৰ ল’ৰা জনে জীৱন পালে।” তেতিয়া সেই ৰাজকর্মচাৰী আৰু তেওঁৰ ঘৰৰ সকলোৱে যীচুত বিশ্বাস কৰিলে।
54 যীচুৱে পুণৰ যিহুদীয়াৰ পৰা গালীল প্ৰদেশলৈ গৈ এইটো দ্বিতীয় আচৰিত চিন দেখুৱালে।
যোহন 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019