Text copied!
Bibles in Assamese

যোহন 4:11-23 in Assamese

Help us?

যোহন 4:11-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 সেই মহিলাই তেতিয়া উত্তৰ দিলে, “মহাশয়, আপোনাৰ ওচৰত পানী তুলিবলৈ পাত্ৰ নাই আৰু নাদটোও গভীৰ; তেনেহলে আপুনি ক’ৰ পৰা সেই জীৱনময় পানী পাব?
12 আপুনি জানো আমাৰ পিতৃপুৰুষ যাকোবতকৈ মহান? তেওঁ আমাক এই নাদটো দি গ’ল। তেওঁ নিজে এই নাদৰ পানী খাইছিল। তেওঁৰ সন্তান আৰু পশুবোৰেও ইয়াৰ পানী খাইছিল।”
13 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “এই পানী খোৱা প্ৰতিজনৰ আকৌ পিয়াহ লাগিব;
14 কিন্তু মই যি পানী দিম, তাক যি কোনোৱে পান কৰে, তেওঁৰ কোনো কালে পিয়াহ নালাগিব। বৰং মই যি পানী তেওঁক দিম, সেই পানী তেওঁৰ ভিতৰত অনন্ত জীৱনলৈকে বুৰবুৰাই ওলাই থকা পানীৰ ভুমুক হ’ব।”
15 সেই মহিলাই তেওঁক ক’লে, “হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু পানী তুলিবলৈ যেন ইয়ালৈ আহিব নালাগে, এই কাৰণে সেই পানী মোক দিয়ক।”
16 যীচুৱে তেওঁক ক’লে, “যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনাগৈ।”
17 সেই মহিলাই উত্তৰ দি তেওঁক ক’লে, “মোৰ স্বামী নাই।” যীচুৱে তেওঁক ক’লে, “তুমি ঠিকেই কৈছা যে তোমাৰ স্বামী নাই।
18 কিয়নো তোমাৰ স্বামী পাঁচ জন হৈ গ’ল আৰু এতিয়া যি জন আছে, তেৱোঁ তোমাৰ স্বামী নহয়; সেয়ে তুমি যি কৈছা ই সঠিক!”
19 সেই তিৰোতাই যীচুক ক’লে, “মহাশয়, মই দেখিছোঁ, আপুনি এজন ভাৱবাদী।
20 আমাৰ পিতৃপুৰুষ সকলে এই পৰ্বতৰ ওপৰত ভজনা কৰিছিল; কিন্তু আপোনালোক ইহুদী সকলে কয় যে যিৰূচালেমেই সেই ঠাই য’ত লোক সকলে ভজনা কৰা উচিত।”
21 যীচুৱে তেওঁক ক’লে, “হে নাৰী, মোৰ কথা বিশ্বাস কৰা! এনে কাল আহিছে যেতিয়া তোমালোকে পিতৃ ঈশ্বৰৰ ভজনা এই পর্বতত নাইবা যিৰূচালেমত নকৰিবা।
22 তোমালোকে যিহক নাজানা, তাৰ ভজনা কৰা; আমি যিহক জানো তাৰ ভজনা কৰোঁ; কিয়নো পৰিত্রাণ ইহুদী লোকৰ মাজৰ পৰাই আহিছে।
23 কিন্তু যি কালত স্বৰূপ ভকত সকলে আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, এনে কাল আহিছে, এনে কি এতিয়াই সেই সময় হৈছে; কিয়নো পিতৃয়ে এনেকুৱা ভকত সকলকহে বিচাৰে।
যোহন 4 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019