Text copied!
Bibles in Assamese

যোহন 3:8-15 in Assamese

Help us?

যোহন 3:8-15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

8 বায়ুৱে যি দিশলৈ ইচ্ছা কৰে সেই দিশলৈকে বয়। আপুনি তাৰ শব্দ শুনিবলৈ পায়, কিন্তু ক’ৰ পৰা আহে বা ক’লৈনো যায়, সেই বিষয়ে আপুনি নাজানে। আত্মাৰ পৰা যি সকলৰ জন্ম হয়, তেওঁলোক সকলোৰে তেনেকুৱা হয়।”
9 নীকদীমে উত্তৰ দি তেওঁক ক’লে, “এইবোৰ কেনেকৈ হ’ব পাৰে?”
10 যীচুৱে উত্তৰ দি তেওঁক ক’লে, “আপুনি ইস্ৰায়েলৰ শিক্ষক হৈয়ো এইবোৰ কথা নুবুজে নে?
11 আপোনাক সঁচাকৈয়ে কওঁ, আমি যি জানো তাকে কওঁ আৰু যি দেখো সেই বিষয়ত সাক্ষ্য দিওঁ, কিন্তু আপোনালোকে আমাৰ সাক্ষ্য গ্ৰহণ নকৰে।
12 মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
13 যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
যোহন 3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019