4 নীকদীমে তেওঁক ক’লে, “মানুহ বুঢ়া হ’লে, কেনেকৈ তেওঁৰ জন্ম হ’ব পাৰে? তেওঁ দ্বিতীয় বাৰ মাকৰ গৰ্ভত সোমাই জন্ম গ্রহণ কৰিব পাৰিব নে?”
5 যীচুৱে উত্তৰ দিলে, “মই আপোনাক সঁচাকৈয়ে কৈছোঁ, জল আৰু আত্মাৰ পৰা জন্ম নহ’লে, কোনেও ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰে।”
6 শৰীৰৰ পৰা যাৰ জন্ম হয়, সেয়ে শৰীৰ হয় আৰু আত্মাৰ পৰা যাৰ জন্ম হয়, সেয়ে আত্মা হয়।
7 মই যে আপোনাক ‘আপোনালোকৰ নতুনকৈ জন্ম হোৱা প্ৰয়োজন’ বুলি ক’লো, এই কথাত বিস্মিত নহ’ব।