12 মই আপোনালোকক পাৰ্থিৱ বিষয়ৰ কথা ক’লে আপোনালোকে যদি বিশ্বাস নকৰে, তেনেহলে মই স্বৰ্গীয় বিষয়ৰ কোনো কথা ক’লে কেনেকৈ বিশ্বাস কৰিব?
13 যি জন স্বর্গৰ পৰা নামি আহিল, সেই মানুহৰ পুত্রৰ বাহিৰে কোনো স্বৰ্গলৈ উঠা নাই।
14 মোচিয়ে যেনেকৈ মৰুপ্রান্তত সাপটোক ওপৰত তুলিছিল, তেনেকৈ মানুহৰ পুত্ৰকো অৱশ্যেই ওপৰত উঠোৱা হ’ব,
15 যাতে তেওঁত বিশ্বাস কৰা সকলোৱে অনন্ত জীৱন পাব পাৰে।
16 কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে, তেওঁ নিজৰ একমাত্ৰ পুত্ৰকে দান কৰিলে, যাতে যি কোনোৱে তেওঁত বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, কিন্তু অনন্ত জীৱন পায়।