Text copied!
Bibles in Assamese

যোহন 21:9-19 in Assamese

Help us?

যোহন 21:9-19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

9 পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷
10 যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।
11 তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।
12 যীচুৱে তেওঁলোকক ক’লে, “আহা তোমালোকে পুৱাৰ আহাৰ ভোজন কৰাহি”। তেতিয়া তেৱেঁই যে প্ৰভু, ইয়াকে জানি ‘তুমি নো কোন?’ এই বুলি সুধিবলৈ শিষ্য সকলৰ মাজৰ কোনো এজনৰ সাহস নহ’ল।
13 পাছত যীচুৱে আহি, পিঠা আৰু মাছ লৈ তেওঁলোকক দিলে।
14 মৃত লোকৰ মাজৰ পৰা উঠাৰ পাছত, এইদৰে তৃতীয় বাৰ যীচুৱে শিষ্য সকলক দৰ্শন দিলে।
15 তেওঁলোকে আহাৰ গ্ৰহণ কৰাৰ পাছত, যীচুৱে চিমোন পিতৰক সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি এই সকলোতকৈ মোক অধিক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে”। যীচুৱে তেওঁক ক’লে, “মোৰ মেৰ-পোৱালি সকলক চৰোৱা।”
16 পুনৰ দ্বিতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন তুমি মোক প্ৰেম কৰা নে?” পিতৰে তেওঁক ক’লে, “হয় প্ৰভু; আপোনাক মই প্ৰেম কৰোঁ, এই বিষয়ে আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰ প্ৰতিপালন কৰা।”
17 তৃতীয় বাৰ তেওঁ সুধিলে, “হে যোহনৰ পুতেক চিমোন, তুমি মোক প্ৰেম কৰা নে?” পিতৰে অসন্তোষ কৰি ক’লে, ‘তেওঁ কিয় আকৌ তৃতীয় বাৰ এই কথা সুধিলে, তুমি মোক ভাল পোৱা নে?’ ইয়াকে ভাবি তেওঁ ক’লে, “হে প্ৰভু, আপুনি সকলো জানে; মই যে আপোনাক প্ৰেম কৰোঁ, আপুনি জানে।” যীচুৱে তেওঁক ক’লে, “মোৰ মেৰবোৰক চৰোৱা।
18 মই তোমাক সঁচাকৈ কওঁ, তুমি ডেকা কালত, নিজে নিজৰ কঁকাল বান্ধি, য’লৈকে ইচ্ছা ত’লৈকে গৈছিলা; কিন্তু যেতিয়া তুমি বুঢ়া হ’বা, তেতিয়া হাত মেলিবা আৰু অান লোকে তোমাৰ কঁকাল বান্ধি, তোমাৰ য’লৈ যাবৰ ইচ্ছা নাই, ত’লৈকে তোমাক লৈ যাব।”
19 তেতিয়া যীচুৱে এই সকলো কথাৰে বুজাই দিলে যে, তেওঁ কেনে মৰণেৰে ঈশ্বৰক মহিমান্বিত কৰিব। এইদৰে কোৱাৰ পাছত যীচুৱে তেওঁক ক’লে, “মোৰ পাছে পাছে আহা।”
যোহন 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019