Text copied!
Bibles in Assamese

যোহন 21:6-11 in Assamese

Help us?

যোহন 21:6-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

6 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “নাৱৰ সোঁফালে জাল পেলোৱা, তেতিয়াহে পাবা”। তাতে তেওঁলোকে জাল পেলালে আৰু বহুত মাছ লাগিল, মাছৰ ভৰত, জাল টানি তুলিবই নোৱাৰিলে।
7 তেতিয়া যীচুৰ প্ৰিয় শিষ্যই পিতৰক ক’লে, “এৱেঁই প্ৰভু”। যেতিয়া চিমোন পিতৰে এই কথা শুনিলে যে, এৱেঁই ঈশ্বৰ, তেতিয়া তেওঁ গাত চোলা পিন্ধি নিজেই জাঁপ মাৰি সাগৰত পৰিল (কিয়নো তেওঁ সাধাৰণভাবে কাপোৰ পিন্ধি আছিল)।
8 কিন্তু আন শিষ্যকেইজনে, মাছে সৈতে জাল টানি টানি নাৱেৰে আহিল; তেওঁলোক বাম পাবলৈ বেছি দুৰ নাছিল, কিয়নো তেওঁলোক বামৰ পৰা দুশ হাত মানৰ অধিক আতৰত নাছিল।
9 পাছত তেওঁলোক বামত উঠিল, তাতে কয়লাৰ জুইৰ ওপৰত মাছ আৰু পিঠা দেখিলে৷
10 যীচুৱে তেওঁলোকক ক’লে, “এতিয়া যিবোৰ মাছ ধৰিলা তাৰ পৰা কিছুমান মাছ আনাগৈ”।
11 তেতিয়া চিমোন পিতৰে নাৱত উঠি, এশ দুইকুৰি তেৰ টা; বৰ মাছেৰে ভৰি থকা জাল টানি বামলৈ তুলিলে; ইমানবোৰ মাছ লাগিলতো, জাল নাফাটিল।
যোহন 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019