32তাতে সৈন্য সকলে আহি, যীচুৰ লগত ক্ৰুচত দিয়া, প্ৰথম আৰু দ্বিতীয় জনৰো ভৰি ভাঙিলে।
33কিন্তু যেতিয়া যীচুৰ ওচৰলৈ আহিল, তেতিয়া তেওঁৰ মৃত্যু হোৱা দেখি, ভৰি নাভাঙিলে৷
34তথাপি সৈন্য সকলৰ এজনে বৰছাৰে খোঁচ মাৰি তেওঁৰ কোষ হানিলে; আৰু তেতিয়াই তাৰ পৰা তেজ আৰু পানী ওলাই আহিল।
35এই ঘটনা যি জনে দেখিলে সেই জনে আহি এই বিষয়ে সাক্ষ্য দিলে, তেওঁৰ সাক্ষ্য সত্য; আৰু তেওঁ জানে যে তেওঁ সত্য কথা কৈছে, এই কাৰণে তোমালোকেও যেন বিশ্বাস কৰা।
36কিয়নো ‘তেওঁৰ এডাল হাড়ো ভঙা নহব’, ধৰ্মশাস্ত্ৰৰ এই বচন সিদ্ধ হ’বলৈহে, এই সকলো ঘটনা ঘটিল।
37ধৰ্মশাস্ত্ৰই পুনৰ আন এঠাইত কৈছে, ‘তেওঁলোকে যি জনক বিন্ধিলে, সেই জনলৈকে দৃষ্টি কৰিব’।