Text copied!
Bibles in Assamese

যোহন 19:14-23 in Assamese

Help us?

যোহন 19:14-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

14 তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা”
15 তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
16 তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
17 তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
18 সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
19 পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
20 এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
21 এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।”
22 পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
23 পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
যোহন 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019