Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - যোহন - যোহন 19

যোহন 19:12-25

Help us?
Click on verse(s) to share them!
12এই উত্তৰ শুনি পীলাতে তেওঁক এৰি দিবলৈ উপায় বিচাৰিলে; কিন্তু ইহুদী সকলে আটাহ পাৰি ক’লে, “যদি এওঁক এৰি দিয়ে, তেনেহলে আপুনি চীজাৰৰ বন্ধু নহয়; যি কোনোৱে নিজকে নিজে ৰজা পাতে, তেওঁ চীজাৰৰ বিৰুদ্ধে কথা কয়।”
13এইবোৰ কথা শুনি, পীলাতে যীচুক পুনৰ বাহিৰলৈ অনালে, আৰু ইব্ৰী ভাষাৰে যাক গব্বথা বোলে, এনে শিলপতা নামেৰে ঠাইত সোধ-বিচাৰ কৰিবলৈ বিচাৰৰ আসনত বহিল।
14তেতিয়া নিস্তাৰ-পৰ্বৰ আয়োজনৰ দিনৰ প্ৰায় বাৰটা বজাৰ সময় হৈছিল আৰু পীলাতে ইহুদী সকলক ক’লে, “চোৱা, এয়া তোমালোকৰ ৰজা”
15তেতিয়া তেওঁলোকে আটাহ পাৰি ক’লে, “দূৰ কৰক, দূৰ কৰক, ক্রুচত দিয়ক”। পীলাতে তেওঁলোকক ক’লে, তোমালোকৰ ৰজাক নো ক্ৰুচত দিম নে? প্ৰধান পুৰোহিত সকলে উত্তৰ দিলে, “চীজাৰৰ বাহিৰে আমাৰ আন ৰজা নাই।”
16তেতিয়া পীলাতে যীচুক ক্রুচত দিবলৈ, তেওঁলোকৰ হাতত শোধাই দিলে।
17তাৰ পাছত তেওঁলোকে যীচুক বাহিৰলৈ লৈ আহিল আৰু নিজৰ কাৰণে ক্ৰুচৰ ভাৰ বৈ, ইব্ৰী ভাষাৰে যাক গলগথা বোলে, এনে মূৰৰ লাউখোলা নামেৰে ঠাইলৈ লৈ গ’ল।
18সেই ঠাইতে তেওঁলোকে যীচুক ক্রুচত দিলে৷ তেওঁৰ লগত আন দুজনক মানুহক দুইকাষে ৰাখি যীচুক মাজত ক্রুচত দিলে।
19পীলাতে এখন জাননী লিখি ক্ৰুচত ওপৰত লগাই দিলে। তাত এই কথা লিখা আছিল, “নাচৰতীয়া যীচু, ইহুদী সকলৰ ৰজা৷”
20এই জাননী ইব্ৰী, ৰোমীয়া আৰু গ্ৰীক ভাষাৰে লিখা আছিল; আৰু যীচুক ক্রুচত দিয়া ঠাই নগৰৰ ওচৰ হোৱাত, ইহুদী সকলৰ বহুলোকে সেই জাননী খন পঢ়িলে।
21এই কাৰণে ইহুদী সকলৰ প্ৰধান পুৰোহিত সকলে পীলাতক ক’লে, “ইহুদী সকলৰ ৰজা” এই কথা নিলিখিব; কিন্তু ‘মই ইহুদী সকলৰ ৰজা, এই বুলি এওঁ কৈছিল’, ইয়াকে লিখক।”
22পীলাতে উত্তৰ দিলে, “মই যি লিখিলোঁ, লিখিলোঁৱেই”।
23পাছত সৈন্য সকলে যীচুক ক্রুচত দিলে, তেওঁৰ পিন্ধা কাপোৰ চাৰি ভাগ কৰি, গাইপতি এভাগ এভাগ ল’লে; আৰু তেওঁৰ চোলাও ল’লে। সেই চোলা সিয়নি নোহোৱাকৈ ওপৰৰে পৰা গোটেইটো বোৱা আছিল।
24এই কাৰণে তেওঁলোকে পৰস্পৰে ক’লে, “এইটো চোলা আমি ফালি নেপেলাও, কিন্তু এইটো পাবৰ বাবে চিঠি খেলোৱা হওক৷” শাস্ত্ৰীয় বচন সিদ্ধ হবলৈ এনে হ’ল৷ “তেওঁলোকে নিজৰ মাজত মোৰ পিন্ধা কাপোৰ ভাগ-বাঁটি ল’লে৷. ইয়াক নাফালি কোনে পাব চিঠি খেলালে৷”
25এতেকে সৈন্য সকলে এইবোৰ কৰ্ম কৰিলে। যীচুৰ ক্ৰুচৰ ওচৰতে তেওঁৰ মাক, মাকৰ ভনীয়েক, ক্লোপাৰ তিৰোতা মৰিয়ম, আৰু মগ্দলীনী মৰিয়ম থিয় হৈ আছিল।

Read যোহন 19যোহন 19
Compare যোহন 19:12-25যোহন 19:12-25