Text copied!
Bibles in Assamese

যোহন 11:42-49 in Assamese

Help us?

যোহন 11:42-49 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

42 মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
43 ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
44 তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
45 মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
46 কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
47 তেতিয়া প্ৰধান পুৰোহিত আৰু ফৰীচী সকলে একেলগে পৰিষদক লগত লৈ মহাসভা পাতি ক’লে, “আমি এতিয়া কি কৰিম? এই মানুহে দেখোন অনেক আচৰিত চিনৰ কার্য কৰিছে;
48 তাক যদি আমি এইভাৱে এনেয়ে এৰি দিওঁ, তেনেহলে সকলো মানুহে তাক বিশ্বাস কৰিব। তেতিয়া ৰোম দেশীয় লোক সকলে আহি আমাৰ জাতি আৰু ঠাই উভয়কে অধিকাৰ কৰি ল’ব।”
49 কিন্তু তেওঁলোকৰ মাজত কায়াফা নামৰ এজন, যি জন সেই বছৰত মহা-পুৰোহিত হৈছিল, তেওঁ তেওঁলোকক ক’লে, “তোমালোকে একোকে নাজানা।
যোহন 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019