Text copied!
Bibles in Assamese

যোহন 11:29-46 in Assamese

Help us?

যোহন 11:29-46 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

29 মৰিয়মে তাকে শুনি ততাতৈয়াকৈ উঠি তেওঁৰ ওচৰলৈ গ’ল।
30 যীচুৱে তেতিয়াও গাঁৱৰ মাজত প্রৱেশ কৰা নাছিল। মাৰ্থাই যি ঠাইত তেওঁৰ লগত দেখা কৰিবলৈ আহিছিল, তেওঁ সেই ঠাইতে আছিল।
31 যি ইহুদী সকল মৰিয়মৰ সৈতে ঘৰত আছিল আৰু তেওঁক সান্ত্বনা দি আছিল, তেওঁলোকে মৰিয়মক বেগাই উঠি বাহিৰলৈ যোৱা দেখি, তেওঁৰ পাছে পাছে আহিল। তেওঁলোকে ভাৱিলে যে মৰিয়মে মৈদামৰ ওচৰত কান্দিবলৈ গৈছে।
32 যি ঠাইত যীচু আছিল, মৰিয়মে সেই ঠাই পাই, তেওঁৰ চৰণত পৰি ক’লে, “হে প্ৰভু, আপুনি ইয়াত থকা হ’লে, মোৰ ভাই নমৰিলেহেঁতেন।”
33 যীচুৱে যেতিয়া দেখিলে যে মৰিয়মে কান্দিছে আৰু তেওঁৰ লগত অহা ইহুদী সকলেও কান্দিছে, তেতিয়া তেওঁ আত্মাত যন্ত্ৰণা পালে আৰু গভীৰ ভাবে উদ্বিগ্ন হৈ পৰিল।
34 তেওঁ ক’লে, “তোমালোকে তেওঁক ক’ত ৰাখিছা?” তেওঁলোকে ক’লে, “প্ৰভু, আহি চাওকহি।”
35 যীচুৱে ক্ৰন্দন কৰিলে।
36 ইহুদী সকলে ক’লে, “চোৱা, তেওঁ লাজাৰক কিমান যে প্ৰেম কৰিছিল!”
37 কিন্তু তেওঁলোকৰ কোনো কোনোৱে ক’লে, “যি জনে এজন অন্ধৰ চকু মুকলি কৰিলে, তেওঁ এই মানুহ জনৰো মৃত্যু নহবলৈ এনে একো কৰিব নোৱাৰিলেহেঁতেন নে?”
38 তেতিয়া যীচুৱে পুনৰ নিজে অন্তৰত যন্ত্ৰণা পালে, আৰু মৈদামৰ ওচৰলৈ গ’ল। সেই মৈদাম এটা গুহা আছিল। গুহাৰ মুখত এচটা শিল পাতি থোৱা আছিল।
39 যীচুৱে ক’লে, “শিলচটা গুচাই দিয়া।” মৃত লাজাৰৰ বায়েক মাৰ্থাই যীচুক ক’লে, “প্ৰভু, এতিয়া শৰীৰ পচি দুৰ্গন্ধ হৈছে; কিয়নো সি মৰাৰ আজি চাৰি দিন হ’ল।”
40 যীচুৱে তেওঁক ক’লে, “মই জানো তোমাক কোৱা নাছিলো, যদি বিশ্বাস কৰা, তেনেহলে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা?”
41 তেতিয়া লোক সকলে শিলচটা আতৰাই দিলে। যীচুৱে ওপৰলৈ চকু তুলি ক’লে, “হে পিতৃ, তুমি মোৰ কথা শুনাৰ কাৰণে মই তোমাক ধন্যবাদ দিওঁ।
42 মই জানো, তুমি সকলো সময়তে মোৰ কথা শুনি থাকা। কিন্তু মোৰ চাৰিওফালে থিয় হৈ থকা লোক সকলৰ কাৰণে মই এই কথা কৈছোঁ, তেওঁলোকে যেন বিশ্বাস কৰে যে তুমি মোক পঠাইছা।”
43 ইয়াকে কৈ, তেওঁ ডাঙৰ মাতেৰে ক’লে, “লাজাৰ বাহিৰলৈ ওলাই আহা!”
44 তেতিয়াই মৃত লাজাৰ সেই মৈদামৰ পৰা বাহিৰ ওলাই আহিল। তেওঁৰ হাত-ভৰি মৈদামৰ কাপোৰেৰে মেৰিয়াই বন্ধা আছিল আৰু তেওঁৰ মুখ এখন গামোচাৰে বন্ধা আছিল। যীচুৱে তেওঁলোকক ক’লে, “বান্ধ খুলি দিয়া আৰু তেওঁক যাবলৈ দিয়া।”
45 মৰিয়মৰ ওচৰলৈ যি সকল ইহুদী লোক আহিছিল, সেই লোক সকলৰ মাজৰ অনেকে যীচুৱে যি কৰিলে তাকে দেখি তেওঁক বিশ্বাস কৰিলে।
46 কিন্তু তেওঁলোকৰ কিছুমানে ফৰীচী সকলৰ ওচৰলৈ গৈ, যীচুৱে যি কৰিলে, সেই সকলোকে তেওঁলোকক জনালে।।
যোহন 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019