Text copied!
Bibles in Assamese

যোহন 10:5-26 in Assamese

Help us?

যোহন 10:5-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 সিহঁতে এজন অচিনাকি লোকৰ পাছত কেতিয়াও নাযাব, বৰং সিহঁত তেওঁৰ ওচৰৰ পৰা পলাইহে যাব। কাৰণ সিহঁতে অচিনাকি লোকৰ মাত চিনি নাপায়।
6 যীচুৱে তেওঁলোকক এই দৃষ্টান্তটো ক’লে; কিন্তু তেওঁ যে কি কব বিচাৰিছে, সেই বিষয়ে তেওঁলোকে নুবুজিলে।
7 তেতিয়া যীচুৱে পুনৰ তেওঁলোকক ক’লে, “মই আপোনালোকক সঁচাই কওঁ, ময়েই মেৰৰ গৰালৰ দুৱাৰ।
8 মোৰ আগেয়ে যি সকল আহিল, তেওঁলোক সকলোৱেই চোৰ আৰু ডকাইত; কিন্তু মেৰবোৰে সিহঁতৰ কথা নুশুনিলে।
9 ময়েই দুৱাৰ; যি কোনোৱে মোৰ মাজেদি সোমায়, তেওঁ ৰক্ষা পাব। তেওঁ ভিতৰলৈ আৰু বাহিৰলৈ অহা-যোৱা কৰিব, আৰু চৰণীয়া ঠাই পাব।
10 চোৰে কেৱল চুৰ, বধ, আৰু বিনাশ কৰিবলৈহে আহে; কিন্তু মই হ’লে, তেওঁলোকে যেন জীৱন পায় আৰু তাকেই যেন প্ৰচুৰকৈ পায়, এই কাৰণে আহিলোঁ।
11 ময়েই সজ মেষৰখীয়া; সজ মেৰৰখীয়াই তেওঁৰ মেৰৰ কাৰণে নিজৰ প্ৰাণকো দিয়ে।
12 কিন্তু এজন বেতনভোগী দাস, তেওঁ নিজে মেৰৰখীয়া নহয় আৰু মেৰবোৰ তেওঁৰ নিজৰ নহয়; সেই বাবে তেওঁ যেতিয়া ৰাংকুকুৰ অহা দেখে, মেৰবোৰ এৰি পলাই যায়; তাতে ৰাংকুকুৰে সিহঁতক ধৰি লৈ যায় আৰু সিহঁত চাৰিওফালে ছিন্ন-ভিন্ন হৈ পৰে।
13 এজন বেতনভোগী দাস হোৱাৰ কাৰণে তেওঁ পলাই যায়; মেৰবোৰলৈ তেওঁৰ কোনো চিন্তা নাথাকে।
14 ময়েই সজ মেষৰখীয়া; মই নিজৰ মেষবোৰক জানো আৰু মোৰ মেষবোৰেও মোক জানে;
15 পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
16 মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
17 পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
18 কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
19 এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
20 তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
21 আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
22 তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
23 সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
24 তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
25 যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
26 তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
যোহন 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019