15পিতৃয়ে মোক জানে আৰু ময়ো পিতৃক জানো। মই মোৰ মেৰৰ বাবে নিজৰ প্ৰাণকো দিওঁ।
16মোৰ এনে অনেক মেৰ আছে, যি এই গৰালৰ নহয়। মই অৱশ্যেই সিহঁতক আনিব লাগে। সিহঁতেও মোৰ মাত শুনিব আৰু তেতিয়া সকলো একেটা জাক হ’ব আৰু সিহঁতৰ ৰখীয়াও হ’ব এজন।
17পিতৃয়ে মোক এই বাবেই প্ৰেম কৰে; কাৰণ মই নিজৰ প্ৰাণ সমর্পণ কৰোঁ যাতে সেই প্ৰাণ পুনৰায় পাব পাৰোঁ।
18কোনেও মোৰ পৰা মোৰ প্রাণ হৰণ কৰিব নোৱাৰে, কিন্তু মই নিজে তাক সমর্পণ কৰোঁ আৰু তাক সমর্পণ কৰাৰ ক্ষমতা মোৰ আছে; পুনৰায় তাক পোৱাৰ ক্ষমতাও মোৰ আছে। এই আজ্ঞা মই মোৰ পিতৃৰ পৰা পাইছোঁ।”
19এনেবোৰ কথাৰ কাৰণে ইহুদী সকলৰ মাজত আকৌ মতৰ অমিল হবলৈ ধৰিলে।
20তেওঁলোকৰ মাজৰ অনেকে ক’লে, “ইয়াক ভূতে পাইছে; ই বলিয়া; ইয়াৰ কথা তোমালোকে কিয় শুনা?”
21আন সকলে ক’লে, “কিন্তু এই সকলো কথাতো এজন ভূতে পোৱা মানুহে কোৱা কথা নহয়। ভূতে জানো অন্ধৰ চকু মুকলি কৰিব পাৰে?”
22তাৰ পাছত যিৰূচালেমত মন্দিৰ প্ৰতিষ্ঠাৰ পৰ্ব উপস্থিত হ’ল।
23সেই সময়ত শীতকাল আছিল; যীচুৱে মন্দিৰত চলোমনৰ বাৰাণ্ডাত খোজকাঢ়ি আছিল।
24তেনেতে ইহুদী সকলে তেওঁক আগুৰি ধৰি ক’লে, “আৰু কিমান কাল তুমি আমাক সন্দেহৰ দোমোজাত ৰাখিবা? তুমিয়ে যদি খ্ৰীষ্ট হোৱা, তেনেহলে আমাক স্পষ্টকৈ কোৱা।”
25যীচুৱে উত্তৰ দিলে, “মই আপোনালোকক ক’লো, কিন্তু আপোনালোকেতো বিশ্বাসেই নকৰে; মোৰ পিতৃৰ নামেৰে মই যি সকলো কৰ্ম কৰিছোঁ, সেইবোৰেই মোৰ বিষয়ে সাক্ষ্য দিছে।
26তথাপি আপোনালোকে বিশ্বাস নকৰে; কাৰণ আপোনালোক মোৰ মেৰৰ জাকৰ মাজৰ নহয়।
27মোৰ মেৰবোৰে হ’লে মোৰ মাত শুনে। মই সেই সকলক জানো, আৰু সেই সকল মোৰ পাছে পাছে আহে;
28মই সেই সকলক অনন্ত জীৱন দিওঁ; তাতে তেওঁলোক কোনো কালে বিনষ্ট নহ’ব, আৰু কোনেও মোৰ হাতৰ পৰা তেওঁলোকক কাঢ়ি নল’ব।
29মোৰ পিতৃ, যি জনে তেওঁলোকক মোক দিলে, তেওঁ সবাতোকৈ মহান; সেই পিতৃৰ হাতৰ পৰা তেওঁলোকক কোনেও কাঢ়ি ল’ব নোৱাৰে।