Text copied!
Bibles in Assamese

যিৰি 32:33-37 in Assamese

Help us?

যিৰি 32:33-37 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

33 তেওঁলোকে মোলৈ মুখ নিদি পিঠি দিলে যদিও মই প্ৰভাতে তেওঁলোকক আগ্রহেৰে শিক্ষা দিছিলোঁ। মই তেওঁলোকক শিক্ষা দিবলৈ প্রচেষ্টা কৰিছিলোঁ তথাপি তেওঁলোকৰ কোনো এজনে মোৰ সৎ শিক্ষা গ্ৰহণ কৰিবলৈ কাণ নিদিলে।
34 কিন্তু মোৰ নামেৰে প্ৰখ্যাত হোৱা গৃহটি অশুচি কৰিবৰ অৰ্থে তেওঁলোকে তাৰ ভিতৰত তেওঁলোকৰ ঘৃণনীয় বস্তুবোৰ ৰাখিলে।
35 তাৰ পাছত তেওঁলোকে হিন্নোমৰ পুত্রৰ উপত্যকাত থকা বালৰ পবিত্র ঠাইবোৰ সাজিলে যাতে তেওঁলোকে মোলকৰ উদ্দেশ্যে নিজ নিজ পো-জীবোৰক বলি দিব পাৰে যি বিষয়ে সেই ঘিণলগীয়া কাৰ্য কৰিবৰ কাৰণে মই আজ্ঞা কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল। এইদৰে কাৰ্য কৰি তেওঁলোকে যিহূদাক পাপ কৰালে।
36 এই কাৰণে এতিয়া, মই যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰে এই নগৰৰ বিষয়ে কৈছে, যাৰ বিষয়ে তোমালোকে কৈছা, ‘যি তৰোৱাল, আকাল আৰু মহামাৰীৰ দ্বাৰাই এই নগৰখন বাবিলৰ ৰজাৰ হাতত শোধাই দিয়া হৈছে:
37 চোৱা, মই মোৰ ক্ৰোধ, কোপ আৰু মহাৰোগত তেওঁলোকক যি যি দেশলৈ খেদাই পঠাইছিলোঁ, সেই সকলো দেশৰ পৰাই তেওঁলোকক মই গোট খুৱাম, আৰু মই পুনৰায় তেওঁলোকক এই ঠাইলৈ আনি নিৰাপদে বাস কৰাম।
যিৰি 32 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019