Text copied!
Bibles in Assamese

যিহো 7:13-14 in Assamese

Help us?

যিহো 7:13-14 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

13 উঠা! লোকসকলক পবিত্ৰ কৰা আৰু তুমি তেওঁলোকক কোৱা, তোমালোকে কালিৰ কাৰণে নিজকে পবিত্ৰ কৰা। কিয়নো ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে, ‘হে ইস্ৰায়েল, তোমাৰ মাজত বৰ্জিত বস্তু আছে। তোমালোকৰ মাজৰ পৰা সেই বৰ্জিত বস্তু দূৰ নকৰালৈকে তুমি তোমাৰ শত্ৰুবোৰৰ আগত থিয় হ’ব নোৱাৰিবা’।
14 এতেকে ৰাতিপুৱাতে তোমালোকে নিজ নিজ ফৈদ অনুসাৰে হাজিৰ হ’বা৷ তাতে চিঠি-খেলোতে যিহোৱাই যি ফৈদক ধৰিব, সেই ফৈদৰ এক এক গোষ্ঠী ওচৰ চাপি আহিব আৰু যিহোৱাই যি পৰিয়ালক ধৰিব, তাৰ এজন এজন পুৰুষ ওচৰ চাপি আহিব।
যিহো 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019