Text copied!
Bibles in Assamese

যিহো 7:1-6 in Assamese

Help us?

যিহো 7:1-6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

1 কিন্তু ইস্রায়েলৰ সন্তান সকলে ধ্বংস কৰিবলগীয়া যিহোৱাই বর্জন কৰা বস্তুৰ বিষয়ত অবিশ্বাসযোগ্য লোকৰ দৰে কৰ্ম কৰিলে। কর্মীৰ পুত্ৰ আখান, এই আখান যিহূদা ফৈদৰ। এওঁ ধ্বংস হ’বলগীয়া বৰ্জিত বস্তুৰ কিছুমান নিজৰ লগত লৈ গৈছিল; সেয়ে যিহোৱাৰ ক্রোধ ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত জ্বলি উঠিল।
2 যিহোচূৱাই যিৰীহোৰ পৰা বৈৎএলৰ পূবফালে থকা, বৈৎ-আবনৰ ওচৰৰ অয়লৈ মানুহ পঠাই ক’লে, “তোমালোকে উঠি গৈ, গুপুতে এই দেশৰ বুজ-বিচাৰ লৈ আঁহাগৈ।” তেতিয়া উঠি গৈ তেওঁলোকে অয়ৰ বুজ-বিচাৰ ল’লে।
3 পাছত তেওঁলোকে যিহোচূৱাৰ ওচৰলৈ উলটি আহি ক’লে, “অয়লৈ আটাইবোৰ মানুহ নপঠিয়াব; তালৈ উঠি গৈ অয়ক আক্ৰমণ কৰিবলৈ কেৱল দুই বা তিনি হাজাৰমান লোকহে পঠিয়াওক৷ ৰণত আটাইবোৰ মানুহক পঠাই কষ্ট নিদিব, কিয়নো সিহঁত সংখ্যাত তাকৰ।”
4 এই হেতুকে লোকসকলৰ মাজৰ পৰা তিনি হাজাৰমান লোক সেই ঠাইলৈ উঠি গ’ল; কিন্তু তেওঁলোক অয়ৰ লোক সকলৰ আগৰ পৰা পলাল।
5 আৰু অয়ৰ লোকসকলে তেওঁলোকৰ ছয়ত্ৰিশ জনমান লোকক বধ কৰিলে আৰু সিহঁতে নগৰৰ দুৱাৰৰ আগৰ পৰা চবাৰীমলৈকে তেওঁলোকক খেদি নিলে আৰু নামি যোৱা বাটত তেওঁলোকক প্ৰহাৰ কৰিলে; তাতে তেওঁলোকৰ হৃদয় ভয়ত আতুৰ হৈ পৰিল আৰু তেওঁলোকে সাহস হেৰুৱাই পেলালে।
6 তেতিয়া যিহোচূৱাই নিজৰ কাপোৰ ফালিলে৷ তেওঁ আৰু ইস্ৰায়েলৰ বৃদ্ধ লোকসকলে নিজ নিজ মুৰত ধুলি ছটিয়াই, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত, তললৈ মুখ কৰি সন্ধিয়ালৈকে মাটিত পৰি থাকিল।
যিহো 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019