Text copied!
Bibles in Assamese

যিহো 22:11-27 in Assamese

Help us?

যিহো 22:11-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

11 এতিয়া ইস্ৰায়েলৰ সন্তান সকলে এই বিষয়ে শুনি ক’লে যে, “চোৱা! ৰূবেণ ও গাদৰ সন্তান সকলে আৰু মনচিৰ আধা ফৈদে কনান দেশৰ সন্মুখত যৰ্দ্দনৰ অঞ্চলত ইস্ৰায়েলৰ লোকসকলে অধিকাৰ কৰা দাঁতিত এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলে।”
12 ইস্ৰায়েলৰ লোকসকলে সেই কথা শুনাৰ পাছত, ইস্ৰায়েলৰ লোকসকলৰ গোটেই সমাজে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰিবৰ বাবে চীলোত গোট খালে।
13 পাছত ইস্ৰায়েলৰ লোকসকলে গিলিয়দ দেশলৈ ৰূবেণ ও গাদৰ সন্তান সকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ বাৰ্তাবাহকসকলক পঠিয়ালে৷ আনকি ইলিয়াজৰ পুৰোহিতৰ পুত্ৰ পীনহচকো পঠিয়ালে
14 আৰু ইস্ৰায়েলৰ প্ৰত্যেক ফৈদৰ পিতৃ-বংশৰ পৰা এজন এজন অধ্যক্ষ এইদৰে দহ জন অধ্যক্ষ তেওঁৰ লগত পঠাই দিলে আৰু তেওঁলোক প্ৰতিজন ইস্ৰায়েলৰ লোকসকলৰ মাজত, নিজ নিজ পিতৃ-বংশৰ মূল মানুহ আছিল।
15 পাছত তেওঁলোকে গিলিয়দ দেশত ৰূবেণ ও গাদৰ লোকসকল আৰু মনচিৰ আধা ফৈদৰ ওচৰলৈ গ’ল আৰু তেওঁলোকক এই কথা ক’লে:
16 “যিহোৱাৰ গোটেই সমাজে এই কথা কৈছে, ‘আজি যিহোৱাৰ অহিতে বিদ্ৰোহী হ’বৰ মনেৰে তোমালোকে তোমালোকৰ বাবে এটা যজ্ঞবেদী নিৰ্ম্মাণ কৰিলা, যিহোৱাৰ পাছত নচলিবলৈ আজি তেওঁক বিমুখ কৰিলা, তোমালোকে ইস্ৰায়েলৰ ঈশ্বৰৰ বিৰুদ্ধে যে সত্যলঙ্ঘন কৰিলা, ই কি কথা?
17 চিন পিয়োৰ পৰ্বতত আমি কৰা অপৰাধ আমাৰ বাবে যথেষ্ট নহয় নে? আনকি এতিয়াও আমি নিজকে ইয়াৰ পৰা শুচি কৰিব পৰা নাই৷ সেই কাৰণে যিহোৱাৰ সমাজৰ ওপৰত অপৰাধৰ মহামাৰী আহিছে৷
18 তোমালোকে যিহোৱাৰ পাছত চলিবলৈ আজি বিমুখ হ’ব খুজিছা? তোমালোকে আজি যদি তেওঁৰ বিৰুদ্ধে বিদ্ৰোহী হোৱা, তেওঁ কালিলৈ ইস্ৰায়েলৰ গোটেই সমাজলৈ ক্ৰোধ কৰিব।
19 আৰু কওঁ, তোমালোকৰ আধিপত্যৰ দেশ যদি অশুচি হয়, তেন্তে যিহোৱাৰ নিয়ম-চন্দুক থকা, যিহোৱাই অধিকাৰ কৰা দেশলৈ পাৰহৈ আহি আমাৰ মাজত আধিপত্য গ্ৰহণ কৰা৷ কেৱল আমাৰ ঈশ্বৰ যিহোৱাৰ যজ্ঞবেদীৰ বাহিৰে আন যজ্ঞবেদী নিৰ্ম্মাণ কৰি যিহোৱাৰ আৰু আমাৰো বিদ্ৰোহী নহ’বাহঁক।
20 জেৰহৰ পুতেক আখানে বৰ্জিত বস্তুৰ কথাত দোষ কৰাত, ইস্ৰায়েলৰ সকলো লোকৰ ওপৰলৈ জানো ঈশ্বৰৰ ক্ৰোধ অহা নাছিল? সেই মানুহ নিজৰ অতিশয় অনৈতিক অপৰাধত অকলে জানো বিনষ্ট হ’ল’।”
21 তেতিয়া ৰূবেণ ও গাদৰ ফৈদ আৰু মনচিৰ আধা ফৈদে ইস্ৰায়েলৰ বংশৰ মুখিয়াল লোকসকলক এই উত্তৰ দিলে:
22 “ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱাই! ঈশ্বৰসকলৰ ঈশ্বৰ যিহোৱায়েই জানে! আৰু ইস্ৰায়েলেও জানক; সঁচাকৈ আমি যদি বিদ্ৰোহীভাবে বা যিহোৱাৰ আগত সত্যলঙ্ঘন কৰিলোঁ, তেনেহলে আজি তুমি আমাক ৰক্ষা নকৰিবা৷
23 আমি যদি যিহোৱাৰ পাছত চলিবলৈ বিমুখ হ’বৰ অৰ্থে বা হোম কি নৈবেদ্য উৎসৰ্গ কৰিবৰ অৰ্থে বা মঙ্গলাৰ্থক বলিদান কৰিবৰ বাবে যজ্ঞবেদী নিৰ্ম্মাণ কৰিলোঁ, তেন্তে যিহোৱাই নিজে তাৰ প্ৰতিশোধ লওঁক।
24 সঁচাকৈ আমি এটা বিশেষ কথাৰ আশঙ্কাতহে ইয়াকে কৰিলোঁ অৰ্থাৎ আগলৈ তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক ক’ব, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰে সৈতে তোমালোকৰ কি সম্পৰ্ক?
25 কিয়নো তোমালোক আৰু আমাৰ মাজত যিহোৱাই যৰ্দ্দনক সীমা কৰি ৰাখিছে৷ হে ৰূবেণৰ সন্তান সকল, হে গাদৰ সন্তান সকল, যিহোৱাৰ বিষয়ে তোমালোকৰ কৰিবলৈ কোনো ভাগ নাই, গতিকে তোমালোকৰ সন্তান সকলে আমাৰ সন্তান সকলক যিহোৱাৰ অভয়ৰ পৰাহে এৰুৱাব।
26 এই হেতুকে আমি কলোঁ, ‘আহাঁ আমি এটা বেদী নিৰ্ম্মাণ কৰিবলৈ ধৰোঁহঁক; সেই বেদী হোম বা আন বলিদানৰ অৰ্থে নহ’ব,
27 কিন্তু আমাৰ হোম বলি, আন আন বলি আৰু মঙ্গলাৰ্থক বলিদানৰ দ্বাৰাই, যিহোৱাৰ সাক্ষাতে তেওঁৰ আৰাধনা কৰিবলৈ আমাৰ যে অধিকাৰ আছে, এয়ে তোমালোকৰ আৰু আমাৰ মাজত আৰু আমাৰ পাছত আহিবলগীয়া আমাৰ ভাবি বংশৰ মাজত ইয়াৰ সাক্ষী হ’ব; তাতে, ‘যিহোৱাত তোমালোকৰ কোনো ভাগ নাই’, এনে কথা ভবিষ্যতে তোমালোকৰ সন্তানসকলে আমাৰ সন্তানসকলক ক’ব নোৱাৰিব।
যিহো 22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019