Text copied!
Bibles in Assamese

যিহো 21:3-12 in Assamese

Help us?

যিহো 21:3-12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 তাতে যিহোৱাৰ আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে নিজ নিজ উত্তৰাধিকাৰৰ পৰা লেবীয়াসকলক এই নগৰ আৰু চৰণীয়া ঠাই সমূহ দিলে।
4 চিঠি খেলাওঁতে কহাতীয়া বংশৰ নাম উঠিলত: লেবীয়াসকলৰ মাজৰ হাৰোণ পুৰোহিতৰ সন্তান সকলে চিঠিখেলৰ দ্বাৰাই যিহূদা ফৈদৰ, চিমিয়োন ফৈদৰ আৰু বিন্যামীন ফৈদৰ পৰা তেৰ খন নগৰ পালে।
5 আৰু কহাতৰ অৱশিষ্ট বংশই চিঠি খেলৰ দ্বাৰাই ইফ্ৰয়িম ফৈদ সমূহৰ পৰা, আচেৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা দহখন নগৰ পালে।
6 আৰু বংশানুক্ৰমে গেৰ্চোনৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই ইচাখৰ ফৈদৰ আৰু নপ্তালী ফৈদৰ পৰা আৰু বাচানত থকা মনচিৰ আধা ফৈদৰ পৰা তেৰ খন নগৰ পালে।
7 আৰু বংশানুক্ৰমে মৰাৰীৰ সন্তান সকলে নিজ নিজ ফৈদ অনুসাৰে ৰূবেণ ফৈদৰ, গাদ ফৈদৰ আৰু জবূলূন ফৈদৰ পৰা বাৰখন নগৰ পালে।
8 এইদৰে মোচিৰ দ্বাৰাই যিহোৱাই দিয়া আজ্ঞা অনুসাৰে ইস্ৰায়েলৰ সন্তান সকলে চিঠি খেলৰ দ্বাৰাই লেবীয়া লোকসকলক সেইবোৰ নগৰ আৰু লগত চৰণীয়া ঠাইবোৰ দিলে।
9 পাছত তেওঁলোকে যিহূদাৰ সন্তান সকলৰ ফৈদৰ পৰা আৰু চিমিয়োনৰ সন্তান সকলৰ ফৈদৰ পৰা পোৱা নগৰবোৰৰ নামে সৈতে উল্লেখ কৰাৰ দৰে নগৰ দিলে৷
10 এই নগৰ লেবীৰ সন্তান কহাতীয়া বংশৰ মাজত থকা হাৰোণৰ বংশধৰ সকলৰ হ’ল, কিয়নো তেওঁলোকৰ নাম প্ৰথমেই উঠিল।
11 ইস্ৰায়েলৰ সন্তান সকলে তেওঁলোকক যিহূদাৰ পৰ্ব্বতীয়া অঞ্চলত থকা চাৰিওফালৰ চৰণীয়া ঠায়েৰে সৈতে কিৰিয়ৎ-অর্ব্ব অৰ্থাৎ হিব্ৰোণ দিলে; সেই অৰ্ব্ব অনাকৰ পিতৃ আছিল।
12 কিন্তু সেই নগৰৰ পথাৰসমূহ আৰু তাৰ গাওঁবোৰ তেওঁলোকে আধিপত্যৰ অৰ্থে যিফুন্নিৰ পুত্ৰ কালেবক দিলে।
যিহো 21 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019