19 নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ হাৰোণৰ বংশৰ পুৰোহিতসকলে পালে।
20 আৰু কহাতৰ অৱশিষ্ট পৰিয়াল অৰ্থাৎ কহাতৰ পৰিয়াল সমূহ লেবীয়া, ইফ্ৰয়িম ফৈদৰ পৰা চিঠি খেলৰ দ্বাৰাই নিজ আধিপত্য নগৰ পালে।
21 ইস্ৰায়েলৰ সন্তান সকলে চৰণীয়া ঠায়েৰে সৈতে নৰ-বধী অৰ্থাৎ যিকোনো লোকে অনিচ্ছাকৃত ভাৱে বধ কৰা লোকসকলৰ আশ্ৰয় লোৱা নগৰ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা চিখিম, চৰণীয়া ঠায়েৰে সৈতে গেজৰ আৰু ইয়াৰ চৰণীয়া ঠায়েৰে সৈতে
22 কিব্চয়িম আৰু চৰণীয়া ঠায়েৰে সৈতে বৈৎ-হোৰোণ, এই চাৰিখন নগৰ দিলে।
23 আৰু দান ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে ইল্টকি, চৰণীয়া ঠায়েৰে সৈতে গিব্বথোন,
24 চৰণীয়া ঠায়েৰে সৈতে অয়ালোন, চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ, এই চাৰিখন নগৰ দিলে।
25 আৰু মনচিৰ আধা ফৈদৰ পৰা কহাতৰ বংশলৈ, চৰণীয়া ঠায়েৰে সৈতে তানক আৰু চৰণীয়া ঠায়েৰে সৈতে গৎ-ৰিম্মোণ এই দুখন নগৰ তেওঁলোকক দিলে।
26 কহাতৰ অৱশিষ্ট বংশধৰসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ দহখন নগৰ পালে।
27 অন্য লেবীয়াসকলৰ বংশধৰবোৰৰ মাজৰ গেৰ্চোনৰ সন্তান সকলক মনচিৰ আধা ফৈদৰ পৰা, চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় নগৰ বাচানত থকা গোলন আৰু চৰণীয়া ঠায়েৰে সৈতে বেষ্টৰা এই দুখন নগৰ দিলে।
28 গেৰ্চোনৰ বংশধৰ সকললৈ ইচাখৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে কিচিয়োন লগতে চৰণীয়া ঠায়েৰে সৈতে দাবৰৎ,
29 চৰণীয়া ঠায়েৰে সৈতে যমুৎ আৰু চৰণীয়া ঠায়েৰে সৈতে অয়ীন-গন্নীম, এই চাৰিখন নগৰ দিলে।
30 আৰু আচেৰ ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে মিচাল, চৰণীয়া ঠায়েৰে সৈতে অব্দোন,
31 চৰণীয়া ঠায়েৰে সৈতে হিল্কৎ আৰু চৰণীয়া ঠায়েৰে সৈতে ৰহোব, এই চাৰিখন নগৰ দিলে।
32 আৰু নপ্তালী ফৈদৰ পৰা চৰণীয়া ঠায়েৰে সৈতে নৰ-বধীৰ আশ্ৰয় লোৱা নগৰ গালীলত থকা কেদচ, চৰণীয়া ঠায়েৰে সৈতে হম্মোৎ-দোৰ আৰু চৰণীয়া ঠায়েৰে সৈতে কতন, এই তিনিখন নগৰ দিলে।
33 নিজ নিজ বংশানুসাৰে গেৰ্চোনীয়াসকলে নিজ নিজ চৰণীয়া ঠায়েৰে সৈতে সৰ্ব্বমুঠ তেৰখন নগৰ পালে।
34 পাছত তেওঁলোকে মৰাৰীৰ ফৈদবোৰক অৰ্থাৎ অৱশিষ্ট লেবীয়ালৈ জবূলূন জন-গোষ্ঠীৰ পৰা চৰণীয়া ঠায়েৰে সৈতে যক্নীয়াম, চৰণীয়া ঠায়েৰে সৈতে কৰ্তা,