Text copied!
Bibles in Assamese

যিহো 19:34-42 in Assamese

Help us?

যিহো 19:34-42 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

34 আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35 গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36 অদামা, ৰামা, হাচোৰ,
37 কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38 আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39 এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40 সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41 তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
42 চাল্বিন, অয়ালোন আৰু যিৎলা অন্তর্ভুক্ত আছিল৷
যিহো 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019