Text copied!
Bibles in Assamese

যিহো 19:27-41 in Assamese

Help us?

যিহো 19:27-41 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

27 পাছত সেই সীমা পূব দিশে ঘূৰি বৈৎ-দাগোনলৈ গ’ল আৰু বৈৎ-এমকৰ ও নিয়েলৰ উত্তৰ ফালে জবূলূন আৰু যিপ্তহ-এল উপত্যকাত লাগি উত্তৰত থকা কাবূলৰ দিশে গ’ল।
28 পাছত এই সীমা এব্ৰোণ, ৰহোব, হম্মোণ, কান্না আৰু মহাচীদোনলৈকে ওলাই গ’ল৷
29 পাছত সেই সীমা ঘূৰি ৰামালৈ গ’ল আৰু গড়েৰে আবৃত থকা তূৰ নগৰলৈ গ’ল৷ পাছত আকৌ ঘূৰি হোচালৈ গৈ তাৰ অন্ত অকজীব অঞ্চলৰ সমুদ্ৰত পৰিল;
30 উম্মা, অফেক আৰু ৰহোব৷ তাত বাইশখন নগৰ আছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
31 এইটোৱেই আছিল আচেৰৰ ফৈদৰ উত্তৰাধিকাৰ, যি নগৰবোৰ গাৱেঁৰে সৈতে তেওঁলোকৰ বংশক দিয়া হৈছিল৷
32 ষষ্ঠবাৰ চিঠি খেলাওঁতে, নপ্তালীৰ ফৈদৰ নামত উঠিল আৰু এইবোৰ তেওঁলোকৰ বংশক দিয়া হৈছিল৷
33 তেওঁলোকৰ সীমা হেলফৰ পৰা, চনন্নীমৰ ওচৰত থকা এলোন গছৰ পৰা, অদামি-ৰেকব আৰু যবনীয়েলৰ পৰা লক্কুমলৈ, এইদৰে যৰ্দ্দনত তাৰ অন্ত পৰিল৷
34 আৰু সেই সীমা পশ্চিমফাললৈ ঘূৰি অজোনৎতাবোৰলৈকে গ’ল আৰু তাৰ পৰা হুক্কোকলৈ গৈ দক্ষিণফালে জবূলূনৰ লগ লাগিল আৰু পশ্চিম ফালে থকা আচেৰত উপনীত হৈ পূৱফালে যিহূদাত যৰ্দ্দনৰ ওচৰত লাগিল।
35 গড়েৰে আবৃত নগৰবোৰ চিদ্দীম, চেৰ, হম্মৎ, ৰক্কৎ, কিন্নেৰৎ,
36 অদামা, ৰামা, হাচোৰ,
37 কেদচ, ইদ্ৰেয়ী আৰু অয়িন-হাচোৰ আছিল৷
38 আৰু তাত যিৰোণ, মিগ্‌দল-এল, হৰেম, বৈৎ-অনাৎ আৰু বৈৎ-চেমচ৷ তাত ঊনৈশখন নগৰ অাছিল। তেওঁলোকৰ গাওঁবোৰ গণনা কৰা হোৱা নাছিল৷
39 এয়ে আছিল নপ্তালীৰ ফৈদৰ উত্তৰাধিকাৰ। এই নগৰবোৰ তেওঁলোকৰ বংশক গাওঁবোৰৰ সৈতে দিয়া হৈছিল।
40 সপ্তমবাৰ চিঠি খেলাতে দান ফৈদৰ নাম উঠিল আৰু তেওঁলোকৰ বংশ অনুসাৰে তাক দিয়া হ’ল৷
41 তেওঁলোকৰ উত্তৰাধিকাৰৰ অঞ্চলত চৰা, ইষ্টায়োল, ঈৰ-চেমচ,
যিহো 19 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019