Text copied!
Bibles in Assamese

যিহো 15:17-25 in Assamese

Help us?

যিহো 15:17-25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 তাতে কালেবৰ ভায়েক, কনজৰ সন্তান অৎনীয়েলে কিৰিয়ৎ-চেফৰক বন্দী কৰে৷ তেতিয়া কালেবে নিজৰ জীয়েক অকচাক পত্নী হ’বলৈ তেওঁৰে সৈতে বিয়া দিলে।
18 সেই সময়ত এনে ঘটিল যে, অকচাই তাইৰ পিতৃৰ ওচৰলৈ আহি এখন পথাৰ দিবলৈ তেওঁক অনুৰোধ কৰিলে, আৰু তাই যেতিয়া গাধৰ পৰা নামি আহিল, তেতিয়া কালেবে তাইক ক’লে, “তোমাক কি লাগে?”
19 তাই উত্তৰ দিলে, “আপুনি মোক এক বিশেষ দয়া কৰক৷ যিহেতু আপুনি মোক দক্ষিণ অঞ্চলৰ ভূমি দিলে সেইবাবে জলৰ কিছু ভূমুকো মোক দিয়ক।” তেতিয়া কালেবে ওপৰ অংশত থকা আৰু নিম্ন অংশত থকা জলৰ ভূমুকসমূহ তাইক দিলে।
20 এয়ে যিহূদা সন্তান সকলৰ নিজ নিজ ফৈদ অনুসাৰে তেওঁলোকৰ সন্তান সকলৰ বংশক উত্তৰাধিকাৰ হিচাপে দিয়া হ’ল।
21 ইদোমৰ সীমাৰ দক্ষিণ অঞ্চলৰ শেষ সীমাত থকা যিহূদা ফৈদৰ নগৰসমূহ কবচেল, এদৰ, যাগূৰ,
22 কীনা, দীমোনা, অদাদা,
23 কেদচ, হাচোৰ, যিৎনন,
24 জীফলম, টেলন, বালোৎ৷
25 হাচোৰ-হদত্তা, কৰিয়োৎ হিষ্ৰোণ অৰ্থাৎ হাচোৰ,
যিহো 15 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019