Text copied!
Bibles in Assamese

যিহো 13:23-27 in Assamese

Help us?

যিহো 13:23-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24 মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25 তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26 হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
27 মোচিয়ে উপত্যকাত তেওঁলোকক বৈৎ-হাৰম, বৈৎ-নিম্ৰা, চুক্কোৎ, চাফোন, হিচবোনৰ ৰজা চীহোনৰ অৱশিষ্ট ৰাজ্য, যৰ্দ্দনৰ পূব দিশে কিন্নেৰৎ সাগৰৰ কাষলৈকে যৰ্দ্দন আৰু তাৰ অঞ্চল দান কৰিলে৷
যিহো 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019