Text copied!
Bibles in Assamese

যিহো 13:10-26 in Assamese

Help us?

যিহো 13:10-26 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

10 হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ ৰজা চীহোনৰ সকলো নগৰৰ পৰা অম্মোনৰ সীমালৈকে;
11 গিলিয়দ আৰু গচুৰীয়া আৰু মাখাথীয়াসকলৰ অঞ্চল আৰু গোটেই হৰ্মোণ পৰ্ব্বত আৰু চলখালৈকে গোটেই বাচান;
12 বাচানৰ ৰজা ওগৰ সকলো ৰাজ্য, যি জনে অষ্টাৰোতত আৰু ইদ্ৰেয়ীত শাসন কৰিছিল ৰফায়ীয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল; কিয়নো মোচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল।
13 কিন্তু ইস্ৰায়েলৰ সন্তান সকলে গচুৰীয়া আৰু মাখাথীয়াসকলক দূৰ কৰা নাছিল; বৰং গচুৰীয়া আৰু মাখাথীয়াসকলে ইস্ৰায়েলৰ সন্তান সকলৰ মাজত আজিলৈ বাস কৰি আছে।
14 কেৱল লেবীৰ গোষ্ঠীক মোচিয়ে উত্তাৰাধিকাৰি হ’বলৈ নিদিলে। যিহোৱাই মোচিক কোৱা বাক্য অনুসাৰে, “ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ” তেওঁলোকৰ উত্তৰাধিকাৰী হ’ল।
15 মোচিয়ে বংশানুক্ৰমে ৰূবেণৰ জন-গোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে।
16 তেওঁলোকৰ সীমা অৰ্ণোন উপত্যকাৰ কাষত থকা অৰোয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি৷
17 ৰূবেণে হিচবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত দীবোন, বামোৎ-বাল, বৈৎ-বালমিয়োন,
18 যহচ, কদেমোৎ আৰু মেফাৎ,
19 কিৰিয়াথয়িম, চিবমা, উপত্যকাৰ পৰ্ব্বতটোত থকা চেৰৎ-চহৰ৷
20 ৰূবেণে বৈৎ-পিয়োৰ, পিচগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈৎ-যিচীমোৎ;
21 মালভূমিত থকা আন সকলো নগৰ, হিচবোনত শাসন কৰা ইমোৰীয়াসকলৰ সেই ৰজা চীহোনৰ সমুদায় ৰাজ্য, যি জনক মোচিয়ে চীহোনত থকা তলতীয়া মিদিয়নীয়া নেতাসকল- ইবী, ৰেকম, চূৰ, হূৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল৷
22 ইস্ৰায়েলৰ সন্তান সকলে যিসকলক বধ কৰিছিল, সেইবোৰৰ মাজত তেওঁলোকে বিয়োৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে, এই জন লোকে মঙ্গল চোৱা কার্যৰ নিয়ম মানি চলিছিল৷
23 যৰ্দ্দন আৰু তাৰ অঞ্চল ৰূবেণৰ সন্তান সকলৰ সীমা আছিল। এয়ে ৰূবেনৰ সন্তান সকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাৱেঁৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল৷
24 মোচিয়ে গাদৰ জন-গোষ্ঠীক নিজ বংশানুক্ৰমে দিয়া উত্তৰাধিকাৰ এই:
25 তেওঁলোকৰ সীমা যাজেৰ আৰু গিলিয়দৰ সকলো নগৰ আৰু ৰব্বাৰ পূবে থকা অৰোয়েৰলৈকে অম্মোনৰ সন্তান সকলৰ আধা দেশ,
26 হিচবোনৰ পৰা ৰমাৎ-মিস্পা আৰু বটোনীমলৈকে আৰু মহনয়িমৰ পৰা দবীৰৰ সীমালৈকে৷
যিহো 13 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019