Text copied!
Bibles in Assamese

যিচ 11:5-11 in Assamese

Help us?

যিচ 11:5-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
6 কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
7 গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
8 কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।
9 মোৰ সমগ্র পবিত্ৰ পৰ্ব্বতত সিহঁতে আঘাত বা ধ্বংস নকৰিব; কাৰণ পানীয়ে যি দৰে সমুদ্ৰক ঢাকে, সেইদৰে যিহোৱাৰ জ্ঞানে পৃথিৱী পৰিপূৰ্ণ কৰিব।
10 সেইদিনা লোকসকলৰ বাবে যিচয়ৰ মূল নিচানৰূপে থিয় হ’ব। দেশবাসীয়ে তেওঁক বিচাৰি উলিয়াব আৰু তেওঁৰ বিশ্ৰামস্থান গৌৰৱাম্বিত হ’ব।
11 পথ্ৰোচ, কুচ, এলম, চিনাৰ, হমাৎ, আৰু সমুদ্ৰৰ দ্বীপবোৰ, অচুৰ আৰু মিচৰীয়াৰ বাকী থকা অৱশিষ্ট লোকসকলক উদ্ধাৰ কৰিবলৈ সেইদিনা প্ৰভুৱে তেওঁৰ হাত পুনৰ আগবঢ়াব।
যিচ 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019