Text copied!
Bibles in Assamese

যিচ 11:3-8 in Assamese

Help us?

যিচ 11:3-8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

3 যিহোৱাৰ ভয়ত তেওঁৰ আনন্দ হ’ব, তেওঁৰ চকুৱে দেখাৰ দ্বাৰাই তেওঁ বিচাৰ নকৰিব, নাইবা তেওঁৰ কাণে শুনাৰ দ্বাৰাই তেওঁ সিদ্ধান্ত নল’ব।
4 তাৰপৰিৱৰ্তে তেওঁ ধাৰ্মিকতাৰে দৰিদ্ৰসকলৰ বিচাৰ কৰিব, আৰু ন্যায়েৰে পৃথিৱীৰ নম্ৰ লোকসকলৰ বাবে সিদ্ধান্ত ল’ব। তেওঁ নিজৰ মুখৰ শাসন দণ্ডৰে পৃথীবীক প্ৰহাৰ কৰিব, আৰু নিজৰ ওঁঠৰ ফুৰে দুষ্টক সংহাৰ কৰিব।
5 ধাৰ্মিকতা তেওঁৰ কঁকালৰ টঙালি হ’ব, আৰু বিশ্বস্ততা তেওঁৰ কটিবন্ধন হ’ব।
6 কুকুৰনেচীয়া বাঘ মেৰ-ছাগ পোৱালিৰ সৈতে বাস কৰিব, আৰু নাহৰফুটুকী বাঘ ছাগলী পোৱালিৰ সৈতে শুব। দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট দামুৰি একেলগে থাকিব। এটি সৰু লৰাই সিহঁতক চলাব।
7 গৰু আৰু ভালুকে একেলগে চৰিব, আৰু সিহঁতৰ পোৱালিবোৰ একেলগে শুব, সিংহই ষাঁড় গৰুৰ দৰে ধান খেৰ খাব।
8 কেঁচুৱাই সাপ থকা গাতৰ ওপৰত খেলিব, আৰু পিয়াহ এৰা ল’ৰাই সৰ্প থকা গাতত হাত দিব।
যিচ 11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019