Text copied!
Bibles in Assamese

যিচ 10:7-12 in Assamese

Help us?

যিচ 10:7-12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 কিন্তু তেওঁ মনস্থ কৰা অথবা তেওঁ ভবাৰ দৰে এইটো নহয়। কিন্তু তেওঁ বহুতো দেশ বিনষ্ট কৰি ত্যাগ কৰিবলৈ চিন্তা কৰে।
8 কাৰণ তেওঁ কৈছে, “মোৰ সকলো অধিপতি ৰজা নহয় নে?
9 কলনো জানো কৰ্কমীচৰ দৰে নহয় নে? হমাৎ অৰ্পদৰ দৰে নহয় নে? চমৰিয়া জানো দম্মেচকৰ দৰে নহয় নে?
10 যি ৰাজ্যবোৰৰ কটা-প্ৰতিমাবোৰ যিৰূচালেম আৰু চমৰিয়াৰ মূৰ্ত্তিবোৰতকৈ উত্তম আছিল, সেই মূৰ্ত্তিপূজক সকলৰ ৰাজ্যবোৰ মোৰ হাতেৰে পৰাজিত কৰিলোঁ।
11 যিদৰে মই চমৰিয়া আৰু তেওঁৰ মূল্যহীন মূৰ্ত্তিবোৰক কৰিছিলোঁ, সেই একেদৰে যিৰূচালেম আৰু তেওঁৰ প্ৰতিমাবোৰকো মই নকৰিম নে?ˮ
12 যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
যিচ 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019