Text copied!
Bibles in Assamese

যিচ 10:15-22 in Assamese

Help us?

যিচ 10:15-22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
16 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17 যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18 যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
19 তেওঁৰ অৰণ্যৰ অৱশিষ্ট গছ ইমান তাকৰ হ’ব যে, সৰু লৰা-ছোৱালীয়েও তাক গণনা কৰিব পাৰিব।
20 সেই দিনা ইস্ৰায়েলৰ অৱশিষ্ট লোক, যাকোবৰ বংশৰ ৰক্ষা পোৱা লোকসকলে, তেওঁলোকক পৰাজিত কৰা সকলৰ ওপৰত আৰু নিৰ্ভৰ নকৰিব; কিন্তু বাস্তৱিকতে ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ যিহোৱাত, নিৰ্ভৰ কৰিব।
21 যাকোবৰ অৱশিষ্ট লোকসকল পৰাক্ৰমী ঈশ্বৰলৈ ঘুৰি আহিব।
22 কাৰণ তোমাৰ ইস্রায়েলী লোকসকল সমুদ্ৰতীৰৰ বালিৰ দৰে হ’লেও, তেওঁলোকৰ কেৱল অৱশিষ্ট সকলহে ঘুৰি আহিব। প্রচুৰ ধাৰ্মিকতা দাবী কৰাৰ দ্বাৰাই বিধানত ধ্বংস স্থিৰ কৰা হৈছে।
যিচ 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019