Text copied!
Bibles in Assamese

যিচ 10:12-18 in Assamese

Help us?

যিচ 10:12-18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 যিহোৱাই যেতিয়া চিয়োন পৰ্ব্বত আৰু যিৰূচালেমত তেওঁৰ কাৰ্য সমাপ্ত কৰিব, তেতিয়া তেওঁ ক’ব: “মই ৰজা অচুৰৰ গৰ্ব্বী অন্তৰৰ কথা আৰু অহংকাৰী দৃষ্টিক দণ্ড দিম।”
13 কাৰণ তেওঁ কৈছে, “মোৰ শক্তি আৰু জ্ঞানেৰে মই কাৰ্য কৰিলোঁ, মোৰ সহানুভূতি আছে; আৰু মই লোকসকলৰ সীমা গুচালোঁ। মই তেওঁলোকৰ সঞ্চিত সম্পদ হৰণ কৰিলোঁ, আৰু সিংহাসনত বহাসকলক মই বীৰ পুৰুষৰ দৰে তললৈ নমালোঁ।
14 মোৰ হাতে পক্ষীৰ বাহ জব্দ কৰা দৰে দেশবাসীৰ ধন-সম্পত্তি জব্দ কৰিম, এজনে পৰিত্যক্ত কণী গোটোৱাৰ দৰে, মই সমগ্র পৃথিৱী একত্রিত কৰিম। ডেউকা জোকাৰিবলৈ, বা মুখ মেলিবলৈ, নাইবা চিঁচিঁয়াবলৈকো কোনো নাথাকিব।ˮ
15 কুঠাৰখন ব্যৱহাৰ কৰা জনৰ বিৰুদ্ধে জানো নিজৰ বিষয়ে গৰ্ব্ব কৰিব? কৰতখনে জানো কাটোতা জনতকৈ নিজৰ প্রশংসা কৰিব? দণ্ডডাল ওপৰলৈ ডাঙি ধৰা সকলৰ দৰে জানো কাঠৰ দণ্ডডালে কোনো ব্যক্তিক ডাঙি ধৰিব পাৰিব।
16 এই হেতুকে বাহিনীসকলৰ যিহোৱাই সর্বোত্তম যুদ্ধাৰুৰ মাজলৈ দুৰ্বলতা পঠিয়াব; আৰু তেওঁৰ মহিমা জ্বলি থকা জুইৰ দৰে প্রজ্বলিত হ’ব।
17 যিহোৱাৰ জ্যোতি ইস্ৰায়েলৰ অগ্নিস্বৰূপ হ’ব, আৰু তেওঁৰ পবিত্ৰ জনা অগ্নিশিখা হ’ব; সেই দিনতে তেওঁৰ কাঁইটীয়া বন আৰু কাঁইটীয়া বননি জ্বলাই গ্রাস কৰিব।
18 যিহোৱাই তেওঁৰ অৰণ্যৰ মহিমা আৰু ফলপ্রসু ভুমি, আত্মা আৰু শৰীৰ দুয়োকে গ্রাস কৰিব; ৰোগী মানুহৰ জীৱন অপব্যয় হোৱৰ দৰে ই পতিত হ’ব।
যিচ 10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019