Text copied!
Bibles in Assamese

মাৰ্ক 8:5-10 in Assamese

Help us?

মাৰ্ক 8:5-10 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

5 তেতিয়া তেওঁ তেওঁলোকক সুধিলে, “তোমালোকৰ কেইটা পিঠা আছে?” তেওঁলোকে ক’লে, “সাতোটা”।
6 তেতিয়া তেওঁ লোক সকলক মাটিত বহিবলৈ আদেশ দিলে। পাছত তেওঁ সেই সাতোটা পিঠা লৈ স্তুতি কৰি, ভাঙি বিলাই দিবলৈ তেওঁৰ শিষ্য সকলক দিলে; তাতে তেওঁলোকে লোক সকলক বিলাই দিলে।
7 আৰু তেওঁলোকৰ লগত অলপ সৰু মাছো আছিল; তেওঁ সেই মাছখিনিকো আশীৰ্বাদ কৰিলে আৰু বিলাই দিবলৈ ক’লে।
8 তাতে লোক সকলে খাই তৃপ্ত হ’ল। তাৰ পাছত তেওঁলোকে ৰৈ যোৱা টুকুৰাবোৰৰ সাতোটা ভৰা পাচি তুলি ল’লে।
9 তাতে তেওঁলোক প্ৰায় চাৰি হাজাৰ মানুহ আছিল। তাৰ পাছত যীচুৱে তেওঁলোকক বিদায় দিলে;
10 তেওঁ শিষ্য সকলৰ সৈতে নাৱত উঠিল আৰু দলমনুথাৰ অঞ্চললৈ গ’ল।
মাৰ্ক 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019