Text copied!
Bibles in Assamese

মাৰ্ক 8:12-33 in Assamese

Help us?

মাৰ্ক 8:12-33 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

12 তাতে তেওঁ আত্মাত বৰকৈ হুমুনিয়াহ পেলাই ক’লে, “এই কালৰ লোক সকলে কিয় পৰাক্ৰম কাৰ্যৰ চিন বিচাৰে? মই তোমালোকক স্বৰূপকৈ কওঁ, এই কালৰ লোক সকলক কোনো চিন দিয়া নহ’ব।”
13 পাছে তেওঁ তেওঁলোকক এৰি আকৌ নাৱত উঠি সিপাৰলৈ গুচি গ’ল।
14 তেতিয়া শিষ্য সকলে লগত পিঠা ল’বলৈ পাহৰিলে। তেওঁলোকৰ লগত এটা পিঠাৰ বাহিৰে নাৱত একোৱেই নাছিল।
15 এনেতে তেওঁ সতৰ্ক কৰি তেওঁলোকক আজ্ঞা দি ক’লে, “চাবা, তোমালোকে ফৰীচী সকলৰ খমিৰ আৰু হেৰোদৰ খমিৰলৈ সাৱধান হ’বা।”
16 তাতে শিষ্য সকলে ইজনে সিজনে যুক্তি সহকাৰে কোৱা-মেলা কৰি ক’লে, “অ! আমাৰ পিঠা নাই।”
17 যীচুৱে এই বিষয়ে জানিবলৈ পোৱাত তেওঁলোকক ক’লে, “তোমালোকৰ পিঠা নোহোৱা হেতুকে, তোমালোকে কিয় যুক্তি-তৰ্ক কৰিছা? তোমালোকে এতিয়ালৈকে বুজি পোৱা নাই নে? এতিয়ালৈকে তোমালোকৰ হৃদয় কঠিন কৰি ৰাখিছা নে?
18 তোমালোকৰ চকু আছে কিন্তু নেদেখা? তোমালোকৰ কাণ আছে কিন্তু নুশুনা? তোমালোকৰ মনত নপৰে নে?
19 মই যেতিয়া পাঁচ হাজাৰ মানুহৰ মাজত পাঁচটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “বাৰটা”।
20 “আৰু যেতিয়া চাৰি হাজাৰ মানুহৰ মাজত সাতোটা পিঠা ভাঙি দিছিলোঁ, তেতিয়া তোমালোকে ৰৈ যোৱা টুকুৰা-টুকুৰবোৰৰ কেইটা পাচি তুলি লৈছিলা?” তেওঁলোকে ক’লে, “সাতোটা”।
21 তেতিয়া তেওঁ তেওঁলোকক ক’লে, “তেনেহলে তোমালোকে এতিয়ালৈকে বুজা নাই নে?”
22 পাছত তেওঁলোক বৈৎ-চৈদা গাঁৱলৈ আহিল৷ লোক সকলে এজন মানুহক যীচুৰ ওচৰলৈ আনিলে আৰু তেওঁক চুই দিবলৈ বিনয় কৰিলে।
23 তেতিয়া তেওঁ সেই অন্ধ জনক হাতত ধৰি গাঁৱৰ বাহিৰলৈ লৈ গ’ল। তাতে তেওঁৰ চকুত থুই দিলে আৰু শৰীৰ চুই সুধিলে- “কিবা দেখিছা নে?”
24 তেতিয়া তেওঁ চকু তুলি চাই ক’লে, “লোক সকলক দেখা পাইছো; কিন্তু তেওঁলোক খোজকাঢ়ি ফুৰা গছৰ নিচিনা।”
25 তেতিয়া যীচুৱে তেওঁৰ চকু পুনৰ হাতেৰে স্পর্শ কৰিলে আৰু তেওঁ চকু মেলি দিয়াত, সকলো পুনৰুদ্ধাৰ হোৱা পালে আৰু সকলোকে স্পষ্টকৈ দেখিলে।
26 পাছত যীচুৱে তেওঁক নিজৰ ঘৰলৈ পঠাই দি ক’লে, “নগৰত নোসোমাবা।”
27 পাছত যীচু তেওঁৰ শিষ্য সকলৰ সৈতে চীজাৰিয়া-ফিলিপীৰ গাওঁবোৰলৈ ওলাই গ’ল৷ বাটত তেওঁ নিজৰ শিষ্য সকলক সুধিলে, “মানুহবোৰে মোক কোন বুলি কয়?”
28 তেতিয়া তেওঁলোকে ক’লে- “কিছুমানে ‘যোহন বাপ্তাইজক’; কিছুমানে ‘এলিয়া’; আৰু আন কিছুমানে ভাববাদী সকলৰ মাজৰ এজন বুলি কয়।”
29 তেতিয়া তেওঁলোকক সুধিলে, “কিন্তু তোমালোকে নো মোক কোন বুলি ভাবা?” পিতৰে উত্তৰ দি তেওঁক ক’লে, “আপুনি খ্ৰীষ্ট, সেই অভিষিক্ত জন।”
30 তেতিয়া এই বিষয়ে কাৰো আগত নকবলৈ যীচুৱে তেওঁলোকক সাৱধান কৰি দিলে।
31 তেতিয়া তেওঁ তেওঁলোকক কবলৈ ধৰিলে যে, মানুহৰ পুত্রই বহু কষ্ট ভোগ কৰিব লাগিব, তেওঁ পৰিচাৰক সকলৰ দ্বাৰা অগ্ৰাহ্য হ’ব আৰু প্ৰধান পুৰোহিত আৰু বিধানৰ অধ্যাপক সকলে তেওঁক বধ কৰিব; তাতে তিনি দিনৰ দিনা পুনৰাই জীয়াই উঠিব লাগিব।
32 তেওঁ এই কথা স্পষ্টভাৱে ক’লে। তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি, অনুযোগ কৰিব ধৰিলে।
33 কিন্তু তেওঁ ঘুৰি, নিজৰ শিষ্য সকলক চাই পিতৰক ডবিয়াই ক’লে, “মোৰ ওচৰৰ পৰা গুচি যা চয়তান! তই ঈশ্বৰৰ কথা নাভাবি, মানুহৰ কথাহে ভাবিছ।”
মাৰ্ক 8 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019