11 তেতিয়া তেওঁ তেওঁলোকক কলে, “ঈশ্বৰৰ ৰাজ্যৰ নিগূঢ়-তত্ত্ব তোমালোকক দিয়া হৈছে৷ কিন্তু যি সকল লোক বাহিৰত আছে, তেওঁলোকৰ আগত সকলো কথা দৃষ্টান্তেৰে কোৱা হৈছে,
12 যাতে তেওঁলোকে যেতিয়া চাই, হয়, তেওঁলোকে চাই; কিন্তু দেখা নাপায়, আৰু যাতে তেওঁলোকে যেতিয়া শুনে; হয়, শুনে, কিন্তু বুজি নাপায়, অন্যথা তেওঁলোকে ঘূৰি আহিলেহেঁতেন, আৰু ঈশ্বৰেও ক্ষমা দিলেহেঁতেন৷”
13 পাছত তেওঁ কলে, “তোমালোকে এই দৃষ্টান্ত বুজা নাই নে? তেনেহলে সকলো দৃষ্টান্ত কেনেকৈ বুজিবা?
14 সেই খেতিয়কে বাক্য সিচেঁ।
15 য’ত বাক্য সিচাঁ হয়, সেই আলিবাটৰ কাষত থকা এওঁলোক এনেকুৱা লোক, এওঁলোকে বাক্য শুনি উঠাৰ লগে লগে চয়তানেআহি তেওঁলোকৰ পৰা সিচাঁ বাক্য কাঢ়ি নিয়ে;
16 সেইদৰে শিলনিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনাৰ লগে লগে আনন্দেৰে গ্ৰহণ কৰে,
17 কিন্তু তেওঁলোকৰ শিপা নথকাত, অলপ দিন মাথোন থাকে; পাছত বাক্যৰ কাৰণে ক্লেশ বা তাড়না হোৱা মাত্ৰকে তেওঁলোকে বিঘিনি পায়।
18 আৰু আনবোৰ কাঁইটনিত সিচাঁ, এওঁলোকে বাক্য শুনাৰ পাছত,
19 সংসাৰৰ চিন্তা, ধনৰ মায়া আৰু আন আন বিষয়ৰ লোভসোমাই, বাক্য হেঁচি ধৰে; তাতে সেই বাক্য বিফল হয়।
20 আৰু ভাল মাটিত সিচাঁ এওঁলোক এনেকুৱা লোক, তেওঁলোকে বাক্য শুনি গ্ৰহণ কৰে আৰু ত্ৰিশ, ষাঠি আৰু এশ গুণকৈ ফল উৎপন্ন কৰে।”
21 যীচুৱে তেওঁলোকক আৰু কলে, “তোমালোকে ঘৰৰ ভিতৰত চাকি জ্বলাই গছাৰ ওপৰত নথৈ দোণৰ বা খাটৰ তলত থবলৈ আনা নে? কিন্তু তাক ভিতৰলৈ আনি গছাৰ ওপৰতহে ৰখা হয়৷
22 কিয়নো যি প্ৰকাশিত নহব এনে কোনো ঢাকি থোৱা বস্তু নাইআৰু যি বিষয় পোহৰলৈ নাহিব, এনে গোপন কৰি ৰাখিবলৈও কোনো বিষয় নাই ৷
23 কাৰোবাৰ যদি শুনিবলৈ কাণ আছে, তেওঁ শুনক।”
24 যীচুৱে তেওঁলোকক পুনৰ কলে, “তোমালোকে কি শুনা, তালৈ মন কৰা; যি জোখেৰে তোমালোকে জোখা, সেই জোখেৰে তোমালোকলৈকো জোখা হব; আৰু তোমালোকক অধিক দিয়া হব।
25 কিয়নো যাৰ আছে, তেওঁকেই দিয়া হব; কিন্তু যাৰ নাই, তেওঁৰ যি আছে, সেইখিনিও তেওঁৰ পৰা নিয়া হব।”
26 যীচুৱে কলে, “ঈশ্ৱৰৰ ৰাজ্য এজন মানুহে তেওঁৰ কঠীয়া মাটিত সিচাঁৰ দৰে হয়৷
27 তেওঁ ৰাতিয়ে-দিনে, শোওঁতে উঠোতে, সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে, সেই বিষয়ে নাজানে।