1 এদিন বিশ্ৰামবাৰে শিষ্য সকলৰ সৈতে যীচু শস্যক্ষেত্ৰৰ মাজেদি গৈ আছিল। সেই সময়ত তেওঁৰ শিষ্য সকলৰ ভোক লাগিছিল বাবে তেওঁলোকে শস্যৰ থোক ছিঙি ছিঙি খাইছিল।
2 ইয়াকে দেখি ফৰীচী সকলে তেওঁক ক’লে, “চাওক, বিধানৰ মতে বিশ্ৰামবাৰে যি কৰ্ম কৰিব নাপায়, সেই কৰ্ম আপোনাৰ শিষ্য সকলে কৰিছে।”
3 তেতিয়া যীচুৱে তেওঁলোকক ক’লে, “দায়ুদ আৰু তেওঁৰ সঙ্গী সকলৰ যেতিয়া ভোক লাগিছিল, তেতিয়া তেওঁ যি কৰিছিল সেই বিষয়ে জানো আপোনালোকে পঢ়া নাই?