Text copied!
Bibles in Assamese

বিচাৰ 5:17-23 in Assamese

Help us?

বিচাৰ 5:17-23 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

17 গিলিয়দৰ বংশৰ লোকসকল যৰ্দ্দনৰ সিপাৰে বাস কৰিলে; আৰু দান ফৈদৰ লোকে কিয় জাহাজৰ কাষত বাস কৰিলে? আচেৰৰ লোকসকল সমুদ্ৰৰ তীৰত থাকি বন্দৰবোৰৰ কাষত বাস কৰিলে।
18 জবূলূন আৰু নপ্তালীৰ ফৈদ ৰণস্থলীত প্ৰাণক মৰণলৈকে তুচ্ছ জ্ঞান কৰা লোক।
19 ৰজাসকলে আহি যুদ্ধ কৰিলে; কনানৰ ৰজাসকলে যুদ্ধ কৰিলে; মগিদ্দোৰ পানীৰ কাষত থকা তানকত তেওঁলোকে যুদ্ধ কৰিলে; কিন্তু তেওঁলোকে কোনো ৰূপ লুটি নিব নোৱাৰিলে।
20 আকাশৰ পৰা তৰাবোৰে যুদ্ধ কৰিলে; নিজ নিজ পথবোৰৰ পৰা তৰাবোৰে চীচৰাৰ বিৰুদ্ধে যুদ্ধ কৰিলে।
21 কীচোন নদীয়ে সিহঁতক উটাই নিলে; সেই প্ৰাচীন কালৰ নদীৰপানী, কীচোন নদীয়ে শত্রুবোৰক উটুৱাই নিলে। হে মোৰ মন, শক্তিশালী হৈ আগবাঢ়া।
22 তেতিয়া ঘোঁৰাবোৰৰ খুৰাৰ আঘাতত মাটি কঁপি উঠিল; তেওঁৰ শক্তিশালী ঘোঁৰাবোৰে চেঁকুৰি দৌৰিবলৈ ধৰিলে।
23 যিহোৱাৰ দূতে কৈছে, মেৰোজ চহৰক অভিশাপ দিয়া! তাৰ নিবাসীসকলক অতিশয় শাও দিয়া! কিয়নো সিহঁত যিহোৱাৰ সহায়ৰ অৰ্থে নাহিল- বীৰসকলৰ বিৰুদ্ধে যুদ্ধত যিহোৱাক সহায় কৰিবলৈ নাহিল।
বিচাৰ 5 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019