Text copied!
Bibles in Assamese

বিচাৰ 20:15-27 in Assamese

Help us?

বিচাৰ 20:15-27 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

15 বিন্যামীন বংশৰ লোকসকলে মুঠ ছাব্বিশ হাজাৰ জন সৈন্য পালে। তেওঁলোক যুদ্ধ কৰাৰ বাবে বেচ দক্ষতা থকা সৈন্যিক আছিল আৰু ইয়াৰ বাহিৰেও গিবিয়ানিবাসীৰ পৰা সাতশ নিপুণ সৈন্য পালে।
16 ইয়াৰ উপৰিও তেওঁলোকে সাতশ প্রশিক্ষণপ্রাপ্ত সৈন্য পাইছিল। এইলোক সকল বাওঁহতীয়া আছিল; তেওঁলোকৰ প্ৰতিজনে এডাল চুলি লৈ ফিঙ্গাৰ শিল মাৰিছিল আৰু তেওঁলোকৰ লক্ষ্যভ্রষ্ট হোৱা নাছিল।
17 বিন্যামীনৰ বাহিৰে ইস্ৰায়েলৰ তৰোৱাল ধৰা লোক লেখত চাৰি লাখ হ’ল, সেই সকলো লোক যুদ্ধাৰু আছিল। তেওঁলোক প্রশিক্ষণ প্রাপ্ত আছিল।
18 পাছত ইস্ৰায়েলৰ সন্তানসকলে ওলাই বৈৎএললৈ গৈ ঈশ্বৰক সুধিলে, “কোন বংশৰ লোক সকলোতকৈ আগেয়ে বিন্যামীনৰ সন্তানসকলৰ সৈতে যুদ্ধ কৰিবলৈ ওলাই যাব?” তাতে যিহোৱাই ক’লে, “প্ৰথমে যিহূদাৰ বংশৰ লোকসকলে আক্রমণ কৰিব।”
19 পাছদিনা পুৱাতে ইস্ৰায়েলৰ সন্তানসকলে উঠি গিবিয়াৰ বিৰুদ্ধে ছাউনি পাতিলে।
20 আৰু ইস্ৰায়েলৰ সৈন্যসকলে বিন্যামীনেৰে সৈতে যুদ্ধ কৰিবলৈ ওলাই গৈ, গিবিয়াৰ ওচৰত সিহঁতৰ বিৰুদ্ধে সৈন্যৰ চাউনি পাতিলে;
21 তাতে বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহিল আৰু সেইদিনা ইস্ৰায়েলৰ মাজৰ বাইশ হাজাৰলোকক সংহাৰ কৰিলে।
22 পাছত ইস্ৰায়েলৰ সৈন্যসকল তেওঁলোকতকৈও বেছি শক্তিশালী আছিল, তেওঁলোকে প্ৰথম দিনা যি ঠাইত সৈন্যৰ বেহু পাতিছিল আকৌ সেই ঠাইতে বেহু পাতিলে।
23 ইস্ৰায়েলৰ সন্তানসকলে উঠি গৈ সন্ধিয়ালৈকে যিহোৱাৰ ওচৰত ক্ৰন্দন কৰিলে আৰু যিহোৱাক সুধিলে, “আমি নিজ ভাই বিন্যামীনৰ সন্তানসকলৰ লগত যুদ্ধ কৰিবলৈ পূণৰ যাম নে?” তাতে যিহোৱাই কলে, “তেওঁলোকক আক্ৰমণ কৰা!”
24 এইবাৰ ইস্ৰায়েলৰ সৈন্যসকল বিন্যামীনৰ সৈন্যসকলৰ ওচৰ আহি পালে। এইদিনটো আছিল যুদ্ধৰ দ্বিতীয় দিন।
25 বিন্যামীনৰ সৈন্যসকলে গিবিয়াৰ পৰা ওলাই আহি দ্বিতীয় দিনা পুনৰাই ইস্ৰায়েলৰ সৈন্যসকলক আক্রমণ কৰি ওঠৰ হাজাৰ লোকক হত্যা কৰিলে; এই সকলো ইস্ৰায়েলী সৈন্যসকল প্ৰশিক্ষণ প্ৰাপ্ত আছিল।
26 তেতিয়া ইস্ৰায়েলৰ সকলো সৈন্য আৰু আটাই লোকসকলে বৈৎএললৈ উঠি গ’ল আৰু সেই ঠাইতে যিহোৱাৰ সাক্ষাতে ক্ৰন্দন কৰি বহি থাকিল। সেই দিনা সন্ধিয়ালৈকে লঘোনে থাকিল আৰু যিহোৱাৰ সাক্ষাতে হোম আৰু শান্তিৰ বলি উৎসৰ্গ কৰিলে।
27 ইস্ৰায়েলৰ সন্তানসকলে যিহোৱাক সুধিলে, কিয়নো সেই সময়ত ইস্ৰায়েলৰ নিয়ম-চন্দুক সেই ঠাইত আছিল,
বিচাৰ 20 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019