Text copied!
Bibles in Assamese

বিচাৰ 18:23-28 in Assamese

Help us?

বিচাৰ 18:23-28 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

23 তাতে তেওঁলোকে মুখ ঘূৰাই মীখাক ক’লে, “তোৰ কি হ’ল? তই কিয় অনেক লোকক লগত লৈ আহিছ?
24 তেওঁ উত্তৰ দিলে, “মই সজা মুৰ্ত্তিবোৰ আৰু পুৰোহিতকো তোমালোকে লৈ গৈছা; এতিয়া মোৰ লগত কি আছে? এনে স্থলত মোৰ ‘কি হ’ল বুলি মোক কিয় সুধিছা’?”
25 তেতিয়া দানৰ সন্তান সকলে তাক ক’লে, “আমাৰ মাজত তোৰ মাত শুনা নাযাওক; নহ’লে খঙাল মানুহবোৰে তহঁতক আক্ৰমণ কৰিলে পৰিয়াল সহ তোৰ প্ৰাণ নষ্ট হ’ব।”
26 পাছত দানৰ পৰিয়ালৰ সন্তান সকলে নিজৰ বাটেদি গুচি গ’ল আৰু মীখায়ো তেওঁলোকক নিজতকৈ অধিক বলৱান দেখি মুখ ঘূৰাই নিজৰ ঘৰলৈ উভতি আহিল।
27 এইদৰে তেওঁলোকে মীখাই সজা বস্তুবোৰ, আৰু তাৰ নিজৰ পুৰোহিতকো লগত লৈ লয়িচলৈ আহিল; তাতে শান্তভাৱে আৰু নিশ্চিন্তে থকা সেই লোকসকলৰ ওচৰলৈ গৈ সিহঁতক তৰোৱালৰ ধাৰেৰে প্ৰহাৰ কৰিলে আৰু নগৰখন জুই দি পুৰিলে।
28 সিহঁতক উদ্ধাৰ কৰোঁতা কোনো নাছিল; কিয়নো সেই নগৰ চীদোনৰ পৰা দূৰত আছিল, আৰু কাৰো লগত সিহঁতে সম্পৰ্ক নাৰাখিছিল আৰু সেই নগৰ বৈৎ-ৰহোবলৈকে বিস্তৃত হোৱা সমথলত আছিল। পাছত তেওঁলোকে সেই নগৰ আকৌ সাজি তাৰ মাজত বাস কৰিলে।
বিচাৰ 18 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019