Text copied!
Bibles in Assamese

বিচাৰ 17:7-12 in Assamese

Help us?

বিচাৰ 17:7-12 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 সেই সময়ত যিহূদাৰ বৈৎলেহেমৰ যিহূদা ফৈদৰ এজন লেবীয়া ডেকা মানুহ গৈ সেই ঠাইত প্ৰবাস কৰিছিল।
8 সেই মানুহে য’তে পাই ত’তে থাকিবৰ বাবে যিহূদাৰ বৈৎলেহেম নগৰৰ পৰা ওলাই গৈ গৈ ইফ্ৰয়িম পৰ্ব্বতীয়া অঞ্চলত থকা সেই মীখাৰ ঘৰ পালেগৈ।
9 তেতিয়া মীখাই তাক সুধিলে, “তুমি ক’ৰ পৰা আহিছা?” তেতিয়া তেওঁ ক’লে, “মই যিহূদাৰ বৈৎলেহেমৰ এজন লেবীয়া মানুহ; য’তে সুবিধা পাও, তাতে থাকিবৰ বাবে ওলাই আহিছোঁ।”
10 তেতিয়া মীখাই তেওঁক ক’লে, “তুমি মোৰ লগত থাকি মোৰ পিতৃ আৰু পুৰোহিত হোৱা; মই বছেৰেকত তোমাক দহ চেকল ৰূপ, এযোৰ কাপোৰ আৰু তোমাৰ খোৱা বস্তু দিম।” তেতিয়া সেই লেবীয়া মানুহজন তেওঁৰ ঘৰলৈ গ’ল আৰু তেওঁৰ লগত থাকিবলৈ সন্মত হ’ল;
11 তেতিয়াৰে পৰা সেই ডেকাজন তেওঁৰ পুতেকৰ দৰে হ’ল।
12 পাছত মীখাই সেই লেবীয়াক নিযুক্ত কৰিলে আৰু সেই ডেকা মীখাৰ পুৰোহিত হৈ তেওঁৰ ঘৰতে থাকিল।
বিচাৰ 17 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019