Text copied!
Bibles in Assamese

পৰম 6:7-11 in Assamese

Help us?

পৰম 6:7-11 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

7 ওৰণিৰ তলত তোমাৰ গাল দুখন দুফাল কৰা আধা ডালিমৰ নিচিনা।
8 ষাঠিজনী ৰাণী আৰু আশীজনী উপপত্নী, আৰু অসংখ্য যুৱতী থাকিব পাৰে;
9 কিন্তু মোৰ কপৌজনী, মোৰ নিখুঁতজনী হ’লে অদ্বিতীয়া; তেওঁ নিজ মাতৃৰ বিশেষ জী, তেওঁক গর্ভত ধাৰণ কৰাজনৰ, তেওঁ আদৰৰ জী। মোৰ গাঁৱৰ জীয়াৰীসকলে তেওঁক দেখি ধন্য বুলিলে; ৰাণী আৰু উপপত্নীসকলে তেওঁক দেখি তেওঁৰ প্ৰশংসা কৰিলে।
10 “পুৱাৰ অৰুণৰ দৰে দেখা দিয়া, কোন এইগৰাকী যুৱতী, যি চন্দ্ৰৰ নিচিনা সুন্দৰী, সূৰ্যৰ দৰে উজ্জ্বল আৰু সম্পূর্ণ মোহময়ী?”
11 প্রিয়াৰ কথা: মই উপত্যকাৰ নতুনকৈ গজা পুলিবোৰ চাবলৈ, দ্ৰাক্ষালতাই কলি ধৰিছে নে নাই চাবলৈ, আৰু ডালিম ফুলিছে নে নাই, তাক চাবলৈ মই বাদাম গছবোৰৰ উদ্যানখনলৈ নামি গলোঁ।
পৰম 6 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019