Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 8

পাঁচনি 8:18-33

Help us?
Click on verse(s) to share them!
18চিমোনে যেতিয়া দেখিলে যে পাঁচনি সকলে হাত দিয়াত পবিত্ৰ আত্মা দান কৰা হৈছে, তেতিয়া তেওঁ পাঁচনি সকলক ধন যাচি কলে,
19“এই শক্তি মোকো দিয়ক, ময়ো যেন যি জনৰ ওপৰতে হাত ৰাখো, তেওঁ যেন পবিত্ৰ আত্মা পায়।”
20কিন্তু পিতৰে চিমোনক ক’লে, “তুমি আৰু তোমাৰ ধন ধ্বংস হওক; কিয়নো তুমি ভাবিলা ঈশ্বৰৰ দান ধনেৰে কিনিব পৰা যায়।
21আমাৰ এই কামত তোমাৰ কোনো ভাগ বা অংশ নাই, যিহেতু ঈশ্বৰৰ আগত তোমাৰ হৃদয় সৰল নহয়।
22তুমি এই দুষ্টতাৰ পৰা মন-পালটন কৰা আৰু প্রভুৰ ওচৰত প্রার্থনা কৰা; হয়তো তোমাৰ মনৰ এই মন্দ চিন্তা তেওঁ ক্ষমাও কৰিব পাৰে।
23কিয়নো মই দেখিছোঁ, তোমাৰ মন তিতা পিত্তৰ নিচিনা আৰু তুমি পাপৰ বন্ধনত আছা।”
24তেতিয়া চিমোনে উত্তৰ দিলে, “আপোনালোকে যি কৈছে, তাৰ কোনো কথাই মোৰ জীৱনত যেন নঘটে, এই কাৰণে আপোনালোকেই মোৰ বাবে প্রার্থনা কৰক।”
25এইদৰে পিতৰ আৰু যোহনে প্রভুৰ বিষয়ে সাক্ষ্য দি বাক্য প্রচাৰ কৰি যিৰূচালেমলৈ উলটি আহিল; বাটত তেওঁলোকে চমৰীয়া সকলৰ বিভিন্ন গাৱঁত শুভবার্তা প্রচাৰ কৰিলে।
26পাছত ঈশ্বৰৰ এজন দূতে ফিলিপক কলে, “উঠা, দক্ষিণ ফাললৈ যি পথ যিৰূচালেমৰ পৰা গাজালৈ নামি গৈছে, সেই পথেদি নামি যোৱা” (এই পথটো মৰুভূমিৰ মাজত আছিল) ৷
27তেতিয়া ফিলিপে প্রস্তুত হৈ সেই বাটেদি গ’ল। বাটত ইথিওপিয়া দেশৰ এজন মানুহক লগ পালে; তেওঁ ইথিওপিয়াৰ ৰাণী কান্দাকীৰ সকলো ধন-সম্পদ চোৱা-চিতা কৰিবলৈ ক্ষমতা পোৱা নপুংসক ৰাজকর্মচাৰী আছিল। ঈশ্বৰৰ ভজনা কৰিবলৈ তেওঁ যিৰূচালেমলৈ আহিছিল।
28তেওঁ নিজৰ ৰথত বহি উভটি গৈ থাকোতে যিচয়া ভাববাদীৰ পুস্তক পঢ়ি গৈছিল।
29এনে সময়তে আত্মাই ফিলিপক কলে, “তুমি কাষলৈ গৈ সেই ৰথৰ লগে লগে যোৱা।”
30তেতিয়া ফিলিপে ওচৰলৈ লৰি গৈ, তেওঁ যিচয়া ভাববাদীৰ পুস্তক পঢ়া শুনি সুধিলে, “আপুনি যি পঢ়িছে, সেই বিষয়ৰ অর্থ জানো বুজি পাইছে?”
31তেওঁ ক’লে- “কোনোবাই মোক বুজাই নিদিলে, মই কেনেকৈ বুজি পাম?” তাতে তেওঁ ফিলিপক ৰথত উঠি তেওঁৰ সৈতে বহিবলৈ অনুৰোধ কৰিলে।
32ধৰ্মশাস্ত্ৰৰ যি অংশটো তেওঁ পঢ়িছিল, সেয়া এই- “মাৰিবলৈ নিয়া মেৰ-পোৱালিৰ নিচিনাকৈ তেওঁক আনিলে আৰু নোম কটীয়াৰ আগত মেৰ-পোৱালি নিজম হৈ থকাৰ দৰে তেওঁ নিজৰ মুখ নেমেলিলে।
33তেওঁ অপমানিত হোৱা কালত, ন্যায়-বিচাৰ কৰা নহ’ল, তেওঁৰ বংশৰ কথা কোনে কব? কিয়নো পৃথিৱীৰ পৰা তেওঁৰ জীৱন লৈ যোৱা হ’ল।”

Read পাঁচনি 8পাঁচনি 8
Compare পাঁচনি 8:18-33পাঁচনি 8:18-33