Text copied!
Bibles in Assamese

পাঁচনি 7:22-50 in Assamese

Help us?

পাঁচনি 7:22-50 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

22 মোচি মিচৰীয়া সকলৰ সকলো বিদ্যাত শিক্ষিত হৈ উঠিল। বাক্য আৰু কার্যত তেওঁ মহা-ক্ষমতাশালী হল।
23 যেতিয়া মোচিৰ বয়স প্রায় চল্লিশ বছৰ, তেতিয়া তেওঁ নিজৰ ইস্ৰায়েলী ভাই সকলক চাবলৈ মন কৰিলে।
24 এজন ইস্ৰায়েলী লোকক অন্যায় ব্যৱহাৰ কৰা দেখি, মোচিয়ে ইস্ৰায়েলী জনৰ পক্ষক সমর্থন কৰিলে আৰু মিচৰীয়া জনক প্ৰহাৰ কৰি সেই অন্যায় ব্যৱহাৰৰ প্ৰতিকাৰ কৰিলে।
25 মোচিয়ে ভাৱিছিল যে, তেওঁৰ স্বজাতীয় ভাই সকলে হয়তো বুজিব ঈশ্বৰে যে তেওঁৰ হতুৱাই তেওঁলোকক মুক্ত কৰিব কিন্তু তেওঁলোকে নুবুজিলে।
26 পাছদিনা খন দুজন ইস্ৰায়েলীয়ে নিজৰ মাজত যেতিয়া কাজিয়া কৰিছিল, তেতিয়া তেওঁ ওচৰলৈ গৈ তেওঁলোকক মিলন কৰিবৰ কাৰণে কলে, ‘হে লোক সকল, তোমালোক পৰস্পৰে ভাই হৈ, ইজনে সিজনৰ প্ৰতি কিয় অন্যায় ব্যৱহাৰ কৰিছা?’
27 কিন্তু যি জনে নিজৰ নিকটৱর্তীজনক অন্যায় ব্যৱহাৰ কৰিছিল, তেওঁ মোচিক ঠেলা মাৰি আতৰাই কলে ‘আমাৰ ওপৰত কোনে তোমাক শাসনকর্তা আৰু বিচাৰক পাতিলে?
28 কালি যেনেকৈ মিচৰীয়া জনক বধ কৰিলা, তেনেকৈ মোকো বধ কৰিব খোজা নে?’
29 এই কথা শুনি মোচি মিদিয়ন দেশলৈ পলাই গৈ তাত প্রবাসী ৰূপে থাকিল আৰু সেই ঠাইতে তেওঁৰ দুজন পুত্রৰ জন্ম হ’ল।
30 এনেদৰে চল্লিশ বছৰ পূর্ণ হ’ল। চীনয় পৰ্বতৰ ওচৰৰ অৰণ্যত এক জ্বলন্ত জোপোহাৰ শিখাৰ মাজত ঈশ্বৰৰ দূতে তেওঁক দর্শন দিলে।
31 এই দৰ্শন দেখি মোচি আচৰিত হ’ল আৰু ভালদৰে চাবলৈ যেতিয়া ওচৰ চাপি গ’ল, তেতিয়া প্ৰভুৰ এই বাণী শুনিলে-
32 ‘মই তোমাৰ পিতৃপুৰুষ সকলৰ ঈশ্বৰ; অব্ৰাহাম, ইচহাক আৰু যাকোবৰ ঈশ্বৰ।’ মোচি ভয়তে কঁপিবলৈ ধৰিলে আৰু সেই জলন্ত জোপোহাটো চাবলৈও সাহস নকৰিলে।
33 পাছত প্ৰভুৱে তেওঁক কলে, ‘তোমাৰ ভৰিৰ পৰা পাদুকা সোলোকোৱা। কিয়নো যি ঠাইত তুমি থিয় হৈ আছা, সেয়ে পবিত্ৰ ভূমি।
34 মিচৰ দেশত থকা মোৰ মানুহবোৰৰ দুৰৱস্থা মই নিশ্চয়কৈ দেখিছোঁ আৰু তেওঁলোকৰ আৰ্তনাদও শুনিছো। সেয়েহে তেওঁলোকক উদ্ধাৰ কৰিবলৈ মই নামি আহিলোঁ। এতিয়া আহা, মই তোমাক মিচৰ দেশলৈ পঠাওঁ।’
35 এই জনেই সেই মোচি, যি জনক তেওঁলোকে প্ৰত্যাখান কৰি কৈছিল, ‘কোনে তোমাক এজন শাসনকর্তা আৰু বিচাৰক পাতিলে?’ তেৱেঁই সেই জন, যি জনক ঈশ্বৰে শাসনকর্তা আৰু উদ্ধাৰকর্ত্তা স্বৰূপে স্বর্গৰ দূতৰ দ্বাৰা জোপোহাৰ মাজত দেখা দি পঠাই দিলে।
36 মোচিয়ে মিচৰ দেশত, লোহিত সাগৰত আৰু মৰুভুমিৰ মাজত চল্লিশ বছৰলৈকে নানা অদ্ভুত লক্ষণ আৰু আচৰিত চিন দেখুৱাই তেওঁলোকক মিচৰৰ পৰা বাহিৰ কৰি আনিলে।
37 এই জন মোচিয়েই ইস্ৰায়েলী ভাই সকলক কৈছিল, “ঈশ্বৰে তোমালোকৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব”।
38 তেৱেঁই মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সৈতে এক সহভাগীতাত আছিল৷ চীনয় পর্বতত স্বৰ্গৰ দূতে তেওঁৰ সৈতেই কথা কৈছিল আৰু তেৱেঁই আমাক জনাবলৈ জীৱনময় বাক্য পাইছিল।
39 এই জনে আমাৰ ওপৰ-পিতৃ, যি জনৰ কথা আমাৰ পূৰ্ব-পুৰুষ সকলে মানিবলৈ অসন্মত হৈ, তেওঁক অগ্রাহ্য কৰিছিল আৰু মিচৰ দেশলৈ উভতি যাবলৈ মনস্থ কৰিছিল।
40 সেই সময়ত তেওঁলোকে হাৰোণক কলে, “মোচিয়ে আমাক মিচৰ দেশৰ পৰা বাহিৰ কৰি আনিলে; কিন্তু তেওঁৰ কি হ’ল আমি তাক নাজনো। গতিকে, আমাক বাট দেখুৱাই নিবলৈ দেৱতাবোৰৰ মূর্তি সাজি দিয়ক।”
41 তেতিয়া তেওঁলোকে এটা দামুৰিৰ মূৰ্তি সাজিলে আৰু সেই মূৰ্তিৰ আগত বলিদান উৎসর্গ কৰিলে। তেওঁলোকে নিজ হাতেৰে কৰা কার্যত আনন্দ কৰিবলৈ ধৰিলে।
42 তেওঁলোকৰ এই কাৰ্য দেখি ঈশ্বৰ তেওঁলোকৰ বিমুখ হ’ল; ঈশ্বৰে তেওঁলোকক আকাশৰ গ্রহ, তৰাবোৰক পূজা কৰিবলৈ এৰি দিলে; ভাববাদী সকলৰ পুস্তকত এইদৰে লিখা আছে, “হে ইস্ৰায়েল জাতি, তোমালোকে চল্লিশ বছৰলৈকে মৰুপ্ৰান্তত মোৰ কাৰণে পশু বলি আৰু নৈবেদ্য উৎসর্গ কৰিছিলা নে?
43 তোমালোকে মোলকৰ তম্বু আৰু ৰিফন দেৱতাৰ তৰাৰ মূর্তিবোৰ পূজা কৰিবলৈ সাজিলা, আৰু সেইবোৰকহে তোমালোকে গ্রহণ কৰিলা। সেয়েহে মই তোমালোকক বাবিল দেশৰ ফালে লৈ যাম।”
44 মৰুপ্ৰান্তত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ওচৰত সাক্ষ্য-তম্বু আছিল। ঈশ্বৰে মোচিক যি দৰে আজ্ঞা দিছিল আৰু মোচিয়ে যি আর্হি দেখিছিল, সেই আর্হিতে এই তম্বু তৈয়াৰ হৈছিল।
45 পৰৱর্তীকালত আমাৰ পূৰ্ব-পুৰুষ সকলে যিহোচুৱাৰে সৈতে সেই তম্বু কঢ়িয়াই এই ঠাইলৈ আনিছিল। সেই সময়ত আমাৰ পূৰ্ব-পুৰুষ সকলৰ সন্মুখৰ পৰা ঈশ্বৰে অন্য জাতিবোৰক খেদাই দিয়াত তেওঁলোকে প্রৱেশ কৰি এই ঠাই অধিকাৰ কৰিলে। সেই তম্বু দায়ুদৰ দিনলৈকে এই ঠাইত আছিল।
46 দায়ুদে ঈশ্বৰৰ দৃষ্টিত অনুগ্ৰহ পাই যাকোবৰ ঈশ্বৰ থাকিবৰ কাৰণে এটি আবাস বনাবলৈ প্রার্থনা কৰিলে।
47 কিন্তু চলোমনেহে তেওঁলৈ এটা গৃহ নির্ম্মাণ কৰিলে।
48 কিন্তু সৰ্বোপৰিজনা হাতেৰে সজা গৃহবোৰত নাথাকে; এই বিষয়ে ভাববাদীয়ে কৈছিল,
49 “প্রভুৱে কৈছে, স্বৰ্গ মোৰ সিংহাসন, আৰু পৃথিৱী মোৰ ভৰি-পীৰা; মোৰ কাৰণে তুমি কেনেকুৱা গৃহ নির্ম্মাণ কৰিবা? নাইবা, মোৰ জিৰণি লোৱা ঠায়েই বা কত?
50 মোৰ হাতে জানো এই আটাইবোৰ স্ৰজা নাই?”
পাঁচনি 7 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019