Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 7

পাঁচনি 7:10-21

Help us?
Click on verse(s) to share them!
10সকলো ক্লেশৰ পৰা ঈশ্বৰে উদ্ধাৰ কৰি তেওঁক মিচৰ দেশৰ ৰজা ফৌৰণেৰ সাক্ষাতে অনুগ্ৰহ আৰু জ্ঞান দান কৰিলে। তাতে ফৰৌণে তেওঁক মিচৰ দেশৰ আৰু নিজ গৃহৰ অধিকাৰী পাতিলে।
11গোটেই মিচৰ আৰু কনান দেশত ভীষণ আকাল হোৱাত, মহাক্লেশ হ’ল আৰু আমাৰ পিতৃপুৰুষ সকলৰ খাদ্য বস্তুৰ অভাৱ হ’ল।
12কিন্তু যাকোবে মিচৰ দেশত শস্য থকাৰ বাৰ্তা পাই, প্ৰথমতে আমাৰ পিতৃপুৰুষ সকলক তালৈ পঠালে।
13দ্বিতীয় বাৰ যোৱাত যোচেফে ককায়েক সকলৰ ওচৰত নিজৰ পৰিচয় দিলে আৰু ফৌৰণেও যোচেফৰ পৰিয়ালৰ বিষয়ে জ্ঞাত হ’ল।
14তেতিয়া যোচেফে তেওঁৰ ককায়েক সকলক পিতৃ যাকোব আৰু জ্ঞাতি-কুতুম্ব সকলক মিচৰ দেশলৈ আনিবলৈ উভটাই পঠালে; তেওঁলোক মুঠ পয়সত্তৰ জন আছিল।
15তাতে যাকোব মিচৰ দেশলৈ গ’ল। সেই ঠাইতে তেওঁৰ আৰু আমাৰ পিতৃপুৰুষ সকলো মৰিল।
16তেওঁলোকৰ দেহ চিখিমলৈ নি মৈদাম দিয়া হ’ল; সেই মৈদাম অব্ৰাহামে চিখিমত হমোৰৰ পুতেকহঁতৰ পৰা ধন দি কিনিছিল।
17ঈশ্বৰে অব্রাহামৰ আগত শপত কৰি যি প্ৰতিজ্ঞা কৰিছিল, সেই প্ৰতিজ্ঞা পূর্ণ হোৱাৰ সময় ওচৰ হোৱাত; মিচৰত তেওঁৰ লোক সকল বৃদ্ধি পাই বিস্তাৰিত হল।
18তাৰ পাছত মিচৰত আন এজন ৰজা আহিল। তেওঁ যোচেফৰ সম্বন্ধে নাজানিছিল।
19সেই জন ৰজাই আমাৰ জাতিৰ লোক সকলক প্রৱঞ্চনা কৰি আমাৰ পূৰ্ব-পুৰুষ সকলৰ প্রতি কু-ব্যৱহাৰ কৰিলে। এনে কি শিশুবোৰ জীয়াই নাথাকিবলৈ তেওঁলোকৰ নৱজাত কেচুঁৱাবোৰ বাহিৰত পেলাই দিবলৈ দিলে।
20সেই সময়তে মোচিৰ জন্ম হ’ল। তেওঁ ঈশ্ৱৰৰ দৃষ্টিত অতি সুন্দৰ আছিল৷ তিনি মাহলৈকে তেওঁ পিতৃৰ গৃহত প্ৰতিপালিত হৈছিল।
21পাছত তেওঁক বাহিৰলৈ পেলাই দিয়াত, ফৌৰণৰ জীয়েকে তেওঁক তুলি নি নিজৰ পুত্র স্বৰূপে প্ৰতিপালন কৰিলে।

Read পাঁচনি 7পাঁচনি 7
Compare পাঁচনি 7:10-21পাঁচনি 7:10-21