29 তেতিয়া পিতৰ আৰু আন পাঁচনি সকলে উত্তৰ দি কলে, “আমি মানুহৰ নহয়, ঈশ্বৰৰহে আজ্ঞা মনা উচিত।
30 যি জনক আপোনালোকে কাঠত ওলোমাই হত্যা কৰিলে, আমাৰ পূৰ্ব-পুৰুষ সকলৰ ঈশ্বৰে সেই জন যীচুক মৃত্যুৰ পৰা জীয়ালে।
31 সেই যীচুক ঈশ্বৰে ৰজা আৰু ত্ৰাণকর্তা হিচাপে নিজৰ সোঁ হাতে বহুৱাই উন্নত কৰিলে, যাতে ইস্ৰায়েলী সকলে মন-পালটন কৰে আৰু যীচুৱে যেন তেওঁলোকৰ পাপ ক্ষমা কৰিব পাৰে।
32 এই কথাৰ আমি সাক্ষী আছোঁ আৰু যি সকল ঈশ্বৰৰ বাধ্য হয়, ঈশ্বৰে তেওঁলোকক যি পবিত্ৰ আত্মা দিছে, সেই পবিত্র আত্মাও ইয়াৰ সাক্ষী।”
33 এই কথা শুনি মহাসভাৰ সভ্যসকল খঙত জ্বলি উঠিল আৰু পাঁচনি সকলক বধ কৰিবলৈ বিচাৰিলে।
34 কিন্তু তেতিয়া গমলীয়েল নামৰ এজন ফৰীচী, যি জন সকলো মানুহৰে সন্মানিত বিধানৰ এজন অধ্যাপক, তেওঁ থিয় হ’ল আৰু পাঁচনি সকলক অলপ সময়ৰ কাৰণে বাহিৰলৈ নিবৰ বাবে নির্দেশ দিলে।