Text copied!
Bibles in Assamese

পাঁচনি 3:18-25 in Assamese

Help us?

পাঁচনি 3:18-25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

18 কিন্তু ঈশ্বৰে পূৰ্বতে ভাববাদী সকলৰ মূখেৰে খ্রীষ্টৰ দূখভোগৰ বিষয়ত যি কথা কোৱাইছিল, সেই বিষয়কে তেওঁ এই ৰূপে সিদ্ধ কৰিলে।
19 এই কাৰণে মন-পালটাই ঘূৰি আহক যাতে, আপোনালোকৰ পাপ-মোচন হয় আৰু প্রভুৰ সন্মুখৰ পৰা শান্তিযুক্ত কাল যেন আহে;
20 আৰু আপোনালোকৰ কাৰণে নিৰূপিত যি জন খ্রীষ্ট, সেই জন যীচুক যেন তেওঁ পঠিয়াই দিয়ে।
21 ঈশ্বৰে পবিত্ৰ ভাৱবাদী সকলৰ দ্বাৰা যি যি সময়ৰ কথা পূৰ্বতে কৈছিল, সকলো বিষয়ৰ পুনঃস্থাপনৰ সেই সময়লৈকে স্বৰ্গই এই যীচু খ্রীষ্টক গ্রহণ কৰাৰ আৱশ্যক আছে।
22 মোচিয়ে কৈছিল, “প্ৰভু পৰমেশ্বৰে আপোনালোকৰ ভাই সকলৰ মাজৰ পৰা মোৰ নিচিনা এজন ভাববাদী উৎপন্ন কৰিব আৰু তেওঁ আপোনালোকক যি কথা কব, সেই সকলো কথা আপোনালোকে শুনিব
23 কিন্তু সেই ভাববাদীৰ কথা যি কোনো প্ৰাণীয়ে নুশুনে, তেওঁক নিজৰ লোকৰ মাজৰ পৰা উচ্ছন্ন কৰা হব”।
24 ইয়াৰ উপৰি চমূৱেল আদি কৰি যিমানবোৰ ভাববাদীয়ে কথা কলে, সকলোৱে এই সময়ৰ বিষয়েই কৈ গ’ল।
25 আপোনালোক সেই ভাববাদী সকলৰ সন্তান আৰু আপোনালোকৰ পূর্বপুৰুষ সকলৰ সৈতে ঈশ্বৰে কৰা সেই বিধানৰ উত্তৰাধিকাৰী; তেওঁ অব্রাহামক কৈছিল “তোমাৰ বংশত পৃথিৱীৰ সকলো জাতিয়ে আশীৰ্বাদ পাব।”
পাঁচনি 3 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019