Text copied!
Bibles in Assamese

পাঁচনি 2:37-44 in Assamese

Help us?

পাঁচনি 2:37-44 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

37 এই কথা শুনি তেওঁলোকৰ হৃদয় বিন্ধাত, পিতৰ আৰু আন পাঁচনি সকলক তেওঁলোকে কলে, “হে ভাই সকল, আমি এতিয়া কি কৰিম?”
38 তেতিয়া পিতৰে তেওঁলোকক কলে, “আপোনালোকে পাপ ক্ষমা পাবলৈ অনুতপ্ত হওক আৰু যীচু খ্ৰীষ্টৰ নামেৰে প্ৰতিজনে বাপ্তিস্ম গ্ৰহণ কৰক, তেনে কৰিলেহে আপোনালোকে পবিত্ৰ আত্মা পাব৷
39 কিয়নো আপোনালোক আৰু আপোনালোকৰ সন্তান সকললৈ আৰু দূৰৈত থকা লোক সকলৰ কাৰণেও এই প্ৰতিজ্ঞা আছে যে, আমাৰ প্ৰভু পৰমেশ্বৰে সকলোকে নিমন্ত্ৰণ কৰিব।
40 ইয়াৰ উপৰি তেওঁ ভালেমান কথাৰে সাক্ষ্য দি তেওঁলোকক উদগণি দিলে আৰু ক’লে, “এই কুটিল লোকৰ পৰা নিজকে ৰক্ষা কৰক।”
41 তেতিয়া তেওঁলোকে তেওঁৰ কথা গ্ৰহণ কৰি বাপ্তিস্ম ললে আৰু সেই দিনাই প্ৰায় তিনি হাজাৰ লোকক তেওঁলোকৰ লগত লগ লগোৱা হ’ল৷
42 পাছত তেওঁলোকে পাঁচনি সকলৰ উপদেশত, সহভাগিতাত, পিঠা ভঙাত আৰু প্ৰাৰ্থনাত লাগি থাকিল।
43 তাতে পাঁচনি সকলৰ দ্বাৰাই অনেক অদ্ভুত লক্ষণ আৰু আচৰিত চিন যেতিয়া দেখুওঁৱা হ’ল, তেতিয়া সকলো লোকৰ ভয় লাগিল
44 আৰু বিশ্বাস কৰা সকলোৱে একলগ হৈ সকলো সম্পত্তি উমৈহতীয়াকৈ ভাগ কৰিলে।
পাঁচনি 2 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019