Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 28

পাঁচনি 28:9-17

Help us?
Click on verse(s) to share them!
9এনেদৰে সুস্থ কৰাৰ পাছত সেই দ্ৱীপত আন যিমান ৰোগী আছিল সেই সকলো আহি সুস্থ হ’ল৷
10তেতিয়া তেওঁলোকে আমাক অনেক আদৰ-সাদৰ কৰিলে আৰু আমাৰ যোৱাৰ সময়তো নানা প্ৰয়োজনীয় বস্তু আনি জাহাজত তুলি দিলে৷
11তিনি মাহৰ পাছত আমি আলেকজেন্দ্ৰিয়া নগৰৰ পৰা দিয়স্কৰী, অর্থাৎ যজা লৰাৰ চিন থকা জাহাজ খনত উঠি যাত্ৰা কৰিলোঁ; এই জাহাজ খন জাৰকালি আহি এই দ্ৱীপটোত আছিল৷
12এনেদৰে আমি চুৰাকূচ নগৰলৈ আহিলোঁ আৰু সেই ঠাইতে তিন দিন থাকিলোঁ৷
13তাৰ পৰা যাত্ৰা কৰি আমি ৰীগিয়া নগৰ পালোঁ; এদিন পাছত দক্ষিণৰ বতাহ বলাত, দ্ৱিতীয় দিনা পুতিয়লী নগৰ পালোহি৷
14তাত কেইবাজনো ভাই পালোঁ, তেওঁলোকে আমাক সাত দিন থাকিবলৈ নিমন্ত্ৰণ দিলে; এইদৰে আমি ৰোমলৈ যাত্ৰা কৰিলোঁ৷
15তাৰ পৰা ভাই সকলে আমাৰ সম্বাদ শুনি আমাক আগবঢ়াই নিবলৈ অপ্পিয় হাট আৰু তিনি চৰাইলৈকে আহিছিল; পৌলে তেওঁলোকক দেখি ঈশ্ৱৰৰ স্তুতি কৰি সাহস পালে৷
16ৰোম নগৰত সোমোৱাৰ পাছত, পৌলক তেওঁৰ পহৰা দিয়া সেনাৰ সৈতে নিজৰ মতে থাকিবলৈ অনুমতি দিলে৷
17পাছত তিন দিনৰ মূৰত পৌলে ইহুদী সকলৰ প্ৰধান লোক সকলক মতাই আনি গোট খুৱালে আৰু তেওঁলোক গোট খোৱাত, তেওঁ ক’লে, “হে ভাইসকল, মই মোৰ জাতিৰ নাইবা পূর্বপুৰুষৰ ৰীতিৰ বিৰুদ্ধে একো কৰা নাই; তথাপি যিৰূচালেমৰ পৰা নিয়া হৈ ৰোমীয়া লোক সকলৰ হাতত মই বন্দী হিচাপে সমর্পিত হৈছিলো৷

Read পাঁচনি 28পাঁচনি 28
Compare পাঁচনি 28:9-17পাঁচনি 28:9-17