Text copied!
Bibles in Assamese

পাঁচনি 25:19-22 in Assamese

Help us?

পাঁচনি 25:19-22 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019

19 কিন্তু তেখেত সকলে নিজৰ ধৰ্মৰ বিষয়ে আৰু পৌলে যি জনক জীয়াই উঠা বুলি কৈছিল, এনে যীচু নামৰ কোনো মৃত এজনৰ বিষয়কলৈহে তেখেত সকলৰ মত-পাৰ্থক্য আছিল।
20 তাতে এনেকুৱা বাদ-বিচাৰৰ বিষয়বোৰত সংশয় কৰি মই তেওঁক সুধিলো, তুমি যিৰূচালেমলৈ গৈ, এইবোৰৰ বিষয়ে তোমাৰ সোধ-বিচাৰ হবলৈ মন কৰা নে?
21 কিন্তু পৌলে ৰাজাধিৰাজৰ ওচৰত সোধ-বিচাৰৰ পৰা নিস্পত্তি পাবৰ বাবে ৰক্ষিত থাকিবলৈ আপীল কৰাত, মই চীজাৰিয়ালৈ নপঠিওঁৱালৈকে, তেওঁক ৰাখিবলৈ আজ্ঞা দিলোঁ।”
22 তেতিয়া আগ্ৰিপ্পই ফীষ্টক ক’লে, “সেই মানুহ জনৰ কথা শুনিবলৈ মোৰ মন গৈছে৷” ফীষ্টে ক’লে, “কালিলৈ তেওঁৰ কথা শুনিবলৈ পাব৷”
পাঁচনি 25 in ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019