Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 23

পাঁচনি 23:5-26

Help us?
Click on verse(s) to share them!
5পৌলে ক’লে, “হে ভাইসকল, এওঁ যে মহা-পুৰোহিত, সেই বিষয়ে মই জনা নাছিলো৷ কিয়নো লিখা আছে, ‘তুমি স্বজাতীয় লোকৰ শাসনকৰ্তাক কু-বাক্য নুবুলিবা৷’”
6পাছত পৌলে তেওঁলোকৰ এভাগ ফৰীচী, এভাগ চদ্দূকী বুলি জানি, মহাসভাত ৰিঙিয়াই ক’লে, “হে ভাইসকল, মই ফৰীচী, আৰু এজন ফৰীচীৰ পুতেক৷ কাৰণ মৃতসকলৰ পুনৰুত্থানৰ আশাৰ বিষয়ে মোৰ সোধ-বিচাৰ হৈছে৷”
7তেওঁ এই কথা কওঁতে, ফৰীচী আৰু চদ্দূকী সকলৰ মাজত বিবাদ হ’ল, আৰু লোকসকল দুভাগত ভাগ হ’ল৷
8কিয়নো চদ্দূকীসকলে পুনৰুত্থান, স্বৰ্গৰ দূত আৰু আত্মা, এইবোৰ নাই বুলি কয়, কিন্তু ফৰীচী সকলে সেইবোৰ স্বীকাৰ কৰে৷
9তাতে বৰকৈ হুলস্থুল হ’ল আৰু ফৰীচীসকলৰ ফলীয়া বিধানৰ অধ্যাপক সকলৰ কেইজনমানে উঠি বাগ্‌যুদ্ধ কৰি ক’লে, “আমি এই মানুহ জনৰ ওচৰত একো দোষ নাপাও৷ যদি কোনো আত্মা নাইবা দূতে দম্মেচকৰ পথত সঁচাকৈ তেওঁৰ সৈতে কথা ক’লে;”
10তেতিয়া অতিশয় বিবাদ হ’ল, তেওঁলোকে পৌলক ডোখৰ ডোখৰ কৰিব বুলি হাজাৰৰ সেনাপতিয়ে ভয় কৰি, সেনাবোৰক নামি গৈ তেওঁলোকৰ মাজৰ পৰা তেওঁক বলেৰে কাঢ়ি দুর্গৰ ভিতৰলৈ নিবলৈ আজ্ঞা দিলে৷
11তাতে সেই ৰাতি প্ৰভুৱে তেওঁৰ ওচৰত থিয় হৈ ক’লে, “নিৰ্ভয় হোৱা, কিয়নো যিৰূচালেমত যেনেকৈ মোৰ বিষয়ে সাক্ষ্য দিলা, ৰোম নগৰতো তেনেকৈ সাক্ষ্য দিব লাগিব৷”
12পাছ দিন ৰাতিপুৱা হোৱাত ইহুদী সকলে এক পৰামৰ্শ হৈ, পৌলক বধ নকৰালৈকে আমি ভোজন-পান নকৰোঁ বুলি, শপতেৰে নিজকে বান্ধিলে৷
13সেই চক্ৰান্ত কৰা লোক চল্লিশ জনতকৈ অধিক আছিল৷
14তেওঁলোকে প্ৰধান পুৰোহিত আৰু পৰিচাৰক সকলৰ ওচৰলৈ গৈ ক’লে, “পৌলক বধ নকৰালৈকে আমি একো নাখাওঁ, এই শপত খাই নিজকে বান্ধিলোঁ৷
15এই কাৰণে আপোনালোকৰ মহাসভাৰ সৈতে এই বিষয়ে অধিক নিশ্চিত ভাবে জানিবৰ ছলেৰে, আপোনালোকৰ ওচৰলৈ তেওঁক আনিবৰ বাবে হাজাৰৰ সেনাপতিৰ আগত আবেদন কৰিব, তেতিয়া সি আপোনালোকৰ ওচৰ আহি নাপাওঁতেই আমি তাক বধ কৰিবলৈ সাজু হৈ থাকিম৷”
16কিন্তু পৌলৰ ভাগিনিয়েকে তেওঁলোকৰ এই খাপ দিয়া কথা শুনি, দুর্গত সোমাই গৈ পৌলক ক’লে৷
17তেতিয়া পৌলে এজন এশৰ সেনাপতিক মাতি ক’লে, “এই ডেকাক হাজাৰৰ সেনাপতিৰ ওচৰলৈ লৈ যোৱা, কিয়নো তেওঁৰ আগত এই বিষয়ে কোনো সম্বাদ জনাবলৈ আছে৷”
18তেতিয়া তেওঁ তাক লগত লৈ হাজাৰৰ সেনাপতিৰ ওচৰলৈ গৈ ক’লে, “আপোনাৰ আগত এই ডেকাৰ কিবা কথা কবলৈ আছে বুলি বন্দীয়াৰ পৌলে মোক মাতি আপোনাৰ ওচৰলৈ ইয়াক আনিবলৈ মিনতি কৰিলে৷”
19হাজাৰৰ সেনাপতিয়ে তাক হাতত ধৰি লৈ, এফলীয়া হৈ গুপুতে সুধিলে, “মোক ক’বলৈ তোমাৰ কি কথা আছে?”
20ডেকাজনে ক’লে, “আপুনি পৌলৰ বিষয়ে সুধি জানিব খোজাৰ নিচিনাকৈ, তেওঁক কালিলৈ মহাসভালৈ যেন লৈ যাব, আপোনাৰ আগত এনে নিবেদন কৰিবলৈ ইহুদী সকলে সিদ্ধান্ত কৰিছে৷
21এতেকে আপুনি তেওঁলোকৰ কথা নুশুনিব, কাৰণ তেওঁলোক চল্লিশ জনতকৈ অধিক মানুহে পৌলক বধ নকৰালৈকে ভোজন-পান নকৰোঁ বুলি প্ৰতিজ্ঞা কৰিছে আৰু এই প্ৰতিজ্ঞাৰে নিজকে বান্ধি খাপ দি আছে৷ আনকি তেওঁলোক সাঁজু হৈ আপোনাৰ অনুমতিলৈ বাট চাই আছে৷”
22তেতিয়া হাজাৰৰ সেনাপতিয়ে সেই ডেকাক বিদায় দিয়াৰ পূর্বে এই আদেশ দিলে, “তুমি যে এইবোৰ কথা মোৰ আগত প্ৰকাশ কৰিলা, পুনৰ কাকো নকবা৷”
23তেতিয়া তেওঁ এশৰ সেনাপতি সকলৰ দুজনক ওচৰলৈ মাতি আনি আজ্ঞা দিলে, “ৰাতি ন বজাত চীজাৰিয়া যাবলৈ দুশ জন সৈন্য, সত্তৰ জন অশ্বাৰোহী আৰু দুশ বৰছা-ধাৰী সৈন্য যুগুত কৰা৷”
24আৰু পৌলক নিৰাপদে ফীলিক্স দেশাধিপতিৰ ওচৰলৈ বহুৱাই লৈ যোৱা বাহনো যুগুত কৰিবলৈ তেওঁলোকক আজ্ঞা দিলে।
25পাছত তেওঁ এইদৰে পত্ৰ লিখি দিলে,
26“মহামহিম শ্ৰীযুক্ত ফীলিক্স দেশাধিপতিলৈ ক্লৌদিয় লুচিয়ৰ নমস্কাৰ৷

Read পাঁচনি 23পাঁচনি 23
Compare পাঁচনি 23:5-26পাঁচনি 23:5-26