Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 22

পাঁচনি 22:6-17

Help us?
Click on verse(s) to share them!
6কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
7তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
8মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”
9মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
10পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
11সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
12পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷
13পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷
14পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;
15কাৰণ যি যি দেখিলা, শুনিলা, সকলো মানুহৰ আগত তেওঁলৈ তাৰ সাক্ষী হ’বা৷
16এতিয়া কিয় পলম কৰিছা? উঠা, তেওঁৰ নামত প্ৰাৰ্থনা কৰি বাপ্তাইজিত হৈ, নিজৰ পাপ ধুই পেলোৱা৷’
17তাৰ পাছত মই যিৰূচালেমলৈ উলটি আহি মন্দিৰত প্ৰাৰ্থনা কৰি থাকোতে মুৰ্চ্ছা গ’লো৷

Read পাঁচনি 22পাঁচনি 22
Compare পাঁচনি 22:6-17পাঁচনি 22:6-17