Text copied!
CopyCompare
ইণ্ডিয়ান ৰিভাইচ ভাৰচন (IRV) আচামিচ - 2019 - পাঁচনি - পাঁচনি 22

পাঁচনি 22:3-14

Help us?
Click on verse(s) to share them!
3“মই যিহুদী মানুহ, কিলিকিয়া দেশৰ তাৰ্চ নগৰ মোৰ ওপজা ঠাই, কিন্তু এই নগৰত প্ৰতিপালিত হৈ, গমলীয়েল অধ্যাপকৰ চৰণত ঠিকমতে আমাৰ পূৰ্ব-পুৰুষ সকলৰ পৰা প্ৰচলিত বিধানৰ শিক্ষা পালোঁ; আৰু আজি আপোনালোক যেনে হৈ আছে, ময়ো সেইদৰে ঈশ্বৰলৈ উৎসাহী হৈ আছিলোঁ;
4আৰু এই পথৰ পুৰুষ আৰু মহিলা সকলক বান্ধি বন্দীশালত শোধাই দি, আনকি মৰণলৈকে তেওঁলোকৰ ওপৰত তাড়না কৰিছিলোঁ৷
5এই বিষয়ে মহা-পুৰোহিত আৰু পৰিচাৰক সকলৰ সমাজ খনো মোৰ সাক্ষী আছে৷ তেখেত সকলৰ পৰাই পত্ৰ লৈ, দম্মেচকত যি সকল এই পথৰ ভাই আছিল, সেই লোকসকলক দণ্ড দি বান্ধি যিৰূচালেমলৈ আনিবৰ কাৰণে তালৈ যাত্ৰাও কৰিছিলোঁ৷
6কিন্তু মই যাত্ৰা কৰি দম্মেচক নগৰৰ ওচৰ পাওঁতে, দুপৰীয়া সময়ত অকস্মাতে আকাশৰ পৰা উজ্বল পোহৰ আহি মোৰ চাৰিওফালে প্ৰকাশিত হ’ল৷
7তাতে মই মাটিত বাগৰি পৰিলোঁ আৰু ‘হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?’ মোলৈ কোৱা এনে বাণী শুনিলোঁ৷
8মই উত্তৰ দিলোঁ, “হে প্ৰভু, আপুনি কোন?” তেওঁ মোক ক’লে, ‘তুমি যি জনক তাড়না কৰিছা, মই সেই নাচৰতীয়া যীচু৷’”
9মোৰ সঙ্গীসকলেও সেই পোহৰ দেখিবলৈ পালে, কিন্তু মোক কথা কোৱা জনৰ মাত শুনা নাছিল৷
10পাছত মই সুধিলোঁ, ‘প্ৰভু, মই কি কৰিব লাগিব’? প্ৰভুৱে মোক ক’লে, ‘উঠা আৰু দম্মেচকলৈ যোৱা; তাতে তুমি কৰিবলগীয়া যি যি আছে, সেই সকলোবোৰৰ বিষয়ে তোমাক তাতে কোৱা হ’ব৷’
11সেই পোহৰৰ প্ৰতাপৰ কাৰণে মই দেখা পোৱা নাছিলোঁ, সেয়েহে সঙ্গীসকলৰ হাতত ধৰি দম্মেচকলৈ গ’লো৷
12পাছে সেই নগৰ নিবাসী ইহুদী সকলৰ মাজত সুখ্যাতি পোৱা অননিয় নামেৰে বিধানৰ ভক্ত এজনক লগ পালোঁ৷
13পাছত তেওঁ আহি মোৰ ওচৰত থিয় হৈ কলে, ‘হে ভাই চৌল, দৃষ্টি পোৱা৷’ সেই মুহুৰ্ততে মই তেওঁক দেখা পালোঁ৷
14পাছত তেওঁ মোক কলে, ‘আমাৰ ওপৰ-পুৰুষ সকলৰ ঈশ্বৰে তোমাক মনোনীত কৰিলে, যাতে তুমি ঈশ্বৰৰ ইচ্ছা জানা আৰু ধাৰ্মিক জনক দেখা পোৱা৷ এতিয়া তেওঁৰ মুখৰ বাক্য শুনা;

Read পাঁচনি 22পাঁচনি 22
Compare পাঁচনি 22:3-14পাঁচনি 22:3-14